অহা নৱেম্বৰ মাহৰ পৰা দুই পালি কভিদ ভেকচিন গ্ৰহণ নকৰা লোকসকল চৰকাৰী আঁচনিসমূহৰ সুবিধাৰ পৰা বঞ্চিত হ’ব বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই জানিবলৈ দিয়ে।
কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ এখন সভাত অংশগ্ৰহণ কৰি কয় যে দুয়ো পালি ভেকচিন গ্ৰহণৰ চাৰ্টিফিকেট জমা দিলেহে ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বৃদ্ধ পেঞ্চন, অৰুণোদইলৈকে সকলো আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।
ৰাজ্যখনত তিনি মধ্যে তিনি কোটি ভেকচিন প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে।