আচবাব আৰু ঘৰ সজ্জাৰ অনলাইন বজাৰ পেপাৰফ্ৰাইৰ সহ-প্ৰতিষ্ঠাপক অম্বৰীশ মূৰ্তিৰ মৃত্যু ঘটিছে।মৃটয়ুৰ সময়ত তেওঁৰ বয়স আছিল ৫১ বছৰ। সোমবাৰে লেহত তেওঁৰ মৃত্যু হয়। পেপাৰফ্ৰাইৰ আন এজন প্ৰতিষ্ঠাপক আশীষ শ্বাহে তেওঁৰ মৃত্যুৰ তথ্য সদৰী কৰিছে ।
২০১২ চনত অম্বৰীছে আশীষৰ সৈতে পেপাৰফ্ৰাই আৰম্ভ কৰিছিল। বহুতে দাবী কৰে যে আচবাব কিনাৰ বাবে অনলাইন ষ্ট’ৰটোৱে বজাৰ কৰাৰ ৰুচি আমূলভাৱে সলনি কৰি পেলাইছে। তাৰ আগতে অম্বৰীশে ই-কমাৰ্চৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। ইয়াৰ উপৰিও তেওঁ জনপ্ৰিয় অনলাইন প্লেটফৰ্ম ইবেৰ ভাৰত, ফিলিপাইনছ আৰু মালয়েছিয়াৰ জেনেৰেল মেনেজাৰৰ পদত অধিষ্ঠিত হৈছিল। বহুতে বিশ্বাস কৰে যে ই-বেৰ এই অঞ্চললৈ সম্প্ৰসাৰণত অম্বৰীশৰ সহায় আছিল। ইণ্টাৰনেট এণ্ড মোবাইল এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ ভাইচ চেয়াৰমেনো আছিল তেওঁ । তাৰ আগতে তেওঁ লেভি ষ্ট্ৰাউছ, ব্ৰিটানিয়া, কেডবেৰীকে ধৰি বহুতো বিখ্যাত কোম্পানীত নিজৰ দক্ষতা প্ৰমাণ কৰিছে। আই আই এমৰ ছাত্ৰ অম্বৰীশ আচলতে এজন অভিযন্তা।