আজি গুৱাহাটী মহানগৰীৰ লাষ্টগে’ট স্থিত দিশপুৰ আইন মহাবিদ্যালয়ত ছাত্ৰছাত্ৰীৰ ব্যক্তিত্ব গঠন ,ভৱিষ্যৎ সংস্থাপন আৰু শিশু সুৰক্ষা (personality development ,carrier and child protection)বিষয়ক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনু্ষ্ঠিত হৈ যায় ৷ ভাৰতৰ এক আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ‘ৱৰ্ল্ড ভিজন ইণ্ডিয়া’ আৰু দিশপুৰ আইন মহাবিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অসম (বিশেষ শাখা) হীৰেন চন্দ্ৰ নাথ দেৱক আমন্ত্ৰণ কৰা হয় ৷
আই পি এছ বিষয়া হীৰেন চন্দ্ৰ নাথে সভাত উপস্থিত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ,তেওঁলোকৰ ব্যক্তিত্ব গঠনৰ ক্ষত্ৰত বহু পৰামৰ্শ আগবঢ়াই প্ৰণালীবদ্ধভাৱে ভাৱে ভৱিষ্যৎ নিৰ্মাণৰ ক্ষেত্ৰত সকলো কাম আগবঢ়াই নিয়াৰ কৌশল আয়ত্ত কৰাৰ বিষয়ে জ্ঞানগৰ্ভ ভাষণ প্ৰদান কৰে। জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ কষ্টৰ বাহিৰে কোনো চমু পথ নাই বুলিও তেওঁ উল্লেখ কৰে। আইনৰ শিক্ষাৰ্থীৰ বাবে কেৰিয়াৰ গঠনৰ বহু পথ খোলা আছে আৰু কেনেকৈ সেই পথেৰে আগুৱাই যাব পাৰি তাৰবাবে তেওঁ বহুমূলীয়া উপদেশ আগবঢ়ায়।
দিশপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকলৰ উপস্থিতিত অনুষ্ঠিত কৰা অনুষ্ঠানটিত ‘ৱৰ্ল্ড ভিজন ইণ্ডিয়া’ই পৃষ্ঠপোষকতা(sponsore) কৰা অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাবী ছাত্ৰ অঞ্জনক ২০২১-২২ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৬% নম্বৰলৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰাৰ হয় ৷ আনহাতে ছাত্ৰ গৰাকীক ২০,০০০টকাৰ এক আৰ্থিক অনুদান আগবঢ়াই তেওঁৰ উজ্বল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে মুখ্য অতিথি হীৰেণ চন্দ্ৰ নাথে ৷ ছাত্ৰ গৰাকীৰ বিষয়ে উপস্থিত সকলোকে দুআষাৰ কয় সভাত উপস্থিত ‘ৱৰ্ল্ড ভিজন ইণ্ডিয়া’ৰ এগৰাকী বিষয়ববীয়া সুবিমল গ’ল্ডস্মিথে ৷
আনহাতে সভাখনত দিশপুৰ আইন মহাবিদ্যালয়ৰ হৈ আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে হীৰেণ চন্দ্ৰ নাথৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে দিশপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষা গাৰ্গী দত্ত পালে
অনুষ্ঠানৰ শেষত উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি ‘ৱৰ্ল্ড ভিজন ইণ্ডিয়া’ৰ বিষয়ববীয়া সুবিমল গ’ল্ডস্মিথে শলাগৰ শৰাই আগবঢ়ায় ৷