মুম্বাইকে আদিকৰি দেশৰ বিভিন্ন ৰাজ্যত পেট্ৰলৰ মূল্য হ’লগৈ প্ৰতি লিটাৰত ১০০টকাতকৈও অধিক।
সমগ্ৰ ভাৰতবৰ্ষতে পেট্ৰল আৰু ডিজেলৰ আকাশচুম্বী মূল্য বৃদ্ধিক লৈ তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত।
ভাৰতৰ চলচিত্র নগৰী মুম্বাইত পেট্ৰলৰ মূল্য হ’লগৈ ১০৯.৮৩টকা ডিজেলৰ মূল্য ১০০.২৯টকা প্ৰতি লিটাৰ।
আনহাতে দিল্লীত পেট্ৰলৰ ১০৩.৮৪টকা আৰু ডিজেলৰ দাম ৯২.৪৭টকা, ক’লকাতাত পেট্ৰলৰ ১০৪.৫২টকা আৰু ডিজেলৰ দাম ৯৫.৫৮টকা আৰু চেন্নাইত পেট্ৰলৰ প্ৰতি লিটাৰত ১০১.২৭ আৰু ডিজেলৰ ৯৬.৯৩ টকালৈ বৃদ্ধি পাইছে।
প্ৰতিখন ৰাজ্যতে স্থানীয় কৰ অনুযায়ী পেট্ৰল আৰু ডিজেলৰ মূল্য পৃথক পৃথককৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।
অসমৰ গুৱাহাটী মহানগৰীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৯৯.৩১টকা আৰু ডিজেলৰ ৯১.৪৬টকালৈ বৃদ্ধি পাইছে। আনহাতে ৰাজ্য খনৰ কেইবাখনো জিলাত পেট্ৰলৰ মূল্যই ইতিমধ্যে শতকৰ ঘৰ অতিক্রম কৰিছে।
বিশ্বনাথ জিলা -১০০.০৯টকা
ধেমাজি জিলা -১০০.০১টকা
ডিমা হাচাও-১০১.৩০টকা
কৰিমগঞ্জ-১০০.১২টকা
লক্ষীমপুৰ-১০১.২৪টকা
মাজুলী-১০১.২৮টকা
নগাঁও-১০০.০২টকা
শিৱসাগৰ-১০০.১৫টকা
ওদালগুৰি-১০০.২১টকা আৰু
পশ্চিম কাৰ্বিআংলং জিলাত -১০০.২২টকা প্ৰতি লিটাৰ।
কভিড পৰিস্থিতিৰ বাবে ইতিমধ্যেই আৰ্থিক ভাবে জুৰুলা হৈ পৰা খাতি খোৱা সৰ্বসাধাৰণ জনতাৰ মূৰত পেট্ৰল আৰু ডিজেলৰ এই আশ্চর্যজনক মূল্য বৃদ্ধিয়ে যে পুনৰ মাধমাৰ শোধাইছে সেইয়া নিশ্চিত।