ৰাজস্থানত দেশজুৰি হোৱা পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে পেট্ৰ’লিয়াম ব্যৱসায়ীসকলে৷ৰাজস্থানৰ তিনিখনকৈ জিলা ক্ৰমে শ্ৰীগংগানগৰ,হনুমানগড় আৰু বিকানেৰত আৰম্ভ কৰা হৈছে অনিৰ্দিষ্ট কালৰ বাবে পেট্ৰল ডিপো বন্ধৰ কাৰ্য্যসূচী৷ইয়াৰ ফলত ৰাজ্যখনত বন্ধ হৈ পৰিছে প্ৰায় ৭০০ পেট্ৰল ডিপো ৷ বিকানেৰ সংমণ্ডলৰ অধীনস্থ তিনিওখন জিলাৰ পেট্ৰলিয়াম ব্যৱসায়ী সকলে সংবাদ মাধ্যমক এই কথা অৱগত কৰায়৷তেওঁলোকে কয় যে ৰাজস্থানৰ গাতে লাগি থকা দুখন ৰাজ্য হাৰিয়ানা আৰু পাঞ্জাবত তুলণামূলক ভাবে পেট্ৰলৰ মূল্য কম হোৱাৰ বাবে গ্ৰাহক সকলে ৰাজস্থানৰ সলনি সেই দুই ৰাজ্যৰ পৰা পেট্ৰল ক্ৰয় কৰে৷সেয়েহে ৰাজস্থানৰ পেট্ৰল ডিপোৰ এই স্বত্বাধিকাৰী সকল স্বভাবিকতে লোকচানৰ সন্মূখীন হৈছে৷
এই প্ৰতিবাদ কাৰ্য্যসূচীৰ যোগেদি শীঘ্ৰেই পেট্ৰলৰ মূল্য হ্ৰাস কৰিবৰ বাবে তেওঁলোকে চৰকাৰক দাবী জনাইছে৷