এজন অভিযুক্তৰ মৃত্যুক কেন্দ্ৰ কৰি একাংশ উন্মত্ত লোকে বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই ঘটনাৰ আঁৰত পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আই জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ আনকি অসম আৰক্ষীয়েও এই কথা নস্যাৎ কৰা নাই ৷ তদুপৰি পি এফ আই নামৰ সংস্থাটোৱে সংখ্যালঘূ লোকসকলক উচটনি দি ৰাজ্যৰ শান্তি –সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰাৰো অসংখ্য উদাহৰণ আছে ৷ এই সন্দর্ভত এটা ৰাষ্ট্ৰীয় পর্যায়ৰ এটা সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান(এ ডি জি পি )হীৰেণ নাথে কয় যে ৰাজ্যত পি এফ আইৰ শক্তিশালী অস্বিত্ব আছে ৷২০১৬-২০১৭ বর্ষৰ পৰা সংগঠনটোৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে ৷
বিশেষকৈ নামনি অসম আৰু বৰাক উপত্যকাত পি এফ আই অধিক সক্ৰিয় বুলি উল্লেখ কৰি তেওঁ কয় “ অসমৰ ১০ খন জিলাত পি এফ আই সক্ৰিয় ৷ বর্তমানলৈ অসম আৰক্ষীয়ে পি এফ আই নেতা-কর্মীৰ বিৰুদ্ধে ১৮ টা গোচৰ ৰুজু কৰা হৈছে ৷ এই ১৮ টা গোচৰৰ ১২ টাত অসম আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰিছে ৷ শেহতীয়াকৈ পি এফ আইয়ে গুৱাহাটীৰ কিছুসংখ্যক প্ৰেছত আপত্তিজনক পাম্ফলেট ছপা কৰিবলৈ চেষ্টা কৰিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰেছসমূহলৈ এই পাম্ফলেটসমূহে অতি গোপনে প্ৰেৰণ কৰি আহিছে ৷ এই সন্দর্ভত আমি দুটা গোচৰ ৰুজু কৰিছো ৷ যদি কোনো ধৰণৰ অপত্তিজনক নহয়, তেনেহ’লে কিয় তেওঁলোকে এই পাম্ফলেট সমূহ গোপনে ছপা কৰিছে ৷ য’ত তেওঁলোকৰ নাম উল্লেখ কৰা হোৱা নাই ৷ আনকি কুৰিয়াৰতো কি প্ৰেৰণ কৰা হৈছে সেয়া উল্লেখ কৰা হোৱা নাই ৷ “
ইপিনে,সংখ্যালঘুসকলৰ যিকোনো বিষয় যেনে হিজাব, মছজিদ , গোমাংস আদি তেওঁলোকে সংখ্যালঘূসকলক শোষণ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে বুলি উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷ তেওঁ কয় যে এয়া আটাইতকৈ বিপদজনক ৷ এই প্ৰসংগতে নাথে কয় –“ সংখ্যালঘূসকলৰ সৈতে ঘটা যিকোনো ঘটনাক শোষণ -নিপীড়ন বুলি প্ৰতিষ্ঠা কৰি পি এফ আইয়ে চৰকাৰ বিৰোধী প্ৰচাৰ আৰম্ভ কৰে ৷ এনে ধৰণৰ বহু ঘটনাৰ উদাহৰণ আছে ৷ যোৱা দুবছৰ ধৰি আমি পি এফ আইৰ কার্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি আহিছো ৷ “
,