VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ম’হঘূলি চাপৰিৰ বিখ্যাত ফাট বিহুৰ বিষয়ে জানেনে ? কেতিয়াৰ পৰা আৰম্ভ হ’ব এইবছৰৰ বিহু !

voicedesk by voicedesk
April 25, 2024
in মুখ্য সংবাদ
ম’হঘূলি চাপৰিৰ বিখ্যাত ফাট বিহুৰ বিষয়ে জানেনে ? কেতিয়াৰ পৰা আৰম্ভ হ’ব এইবছৰৰ বিহু !
0
SHARES
98
VIEWS
Share on FacebookShare on Twitter

ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব’হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব’হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।

 

ফাট শব্দটোৰ উৎপত্তিৰ বিষয়ে বিভিন্ন লোকৰ বিভিন্ন মত আছে। জনা যায় যে ২০ শতিকাৰ শেষ ভাগৰ লৈকে ফাট বিহু ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত পালন কৰা হৈছিল। দেৱালয়ৰ ওচৰৰ লোক সকলৰ মতে সেই দেৱালয়টো শদিয়াৰ পৰা ফাটি অহা লোক কিছুমানে ঢকুৱাখনালৈ আহি স্থাপন কৰিছিল। শদিয়াৰ পৰা ফাটি অহা এই বিহুকে ফাট বিহু বোলা হয়। ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজ গাঁৱত বিহু শেষ কৰি ৭ বহাগৰ দিনাখন হাৰ্হি দেৱালয়ত ফাট বিহু মাৰিছিল। পাছলৈ এই বিহু মহঘূলি চাপৰিত পতা হৈছিল।

আন কিছু লোকৰ মতে আকৌ ফাট শব্দটো তাই ভাষাৰ শব্দ, যাৰ অৰ্থ হৈছে “নৈ বা গভীৰ পানী থকা ঠাইৰ দাঁতিত বেহা-বেপাৰ, কৰ-কাটল সংগ্ৰহ আদি কামৰ বাবে সমবেত হোৱা ঠাই। ” অৱশ্যে এই বিষয়ে বুৰঞ্জীত একো উল্লেখ পোৱা নাযায়।

ফাট বিহু ১৬ শতিকাৰ পৰাই হাৰ্হি দেৱালয়ত উডযাপন কৰি অহা হৈছিল বুলি ধাৰণা কৰা হয় । ধাৰ্মিক বিশ্বাস জড়িত থকা বাবে ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ দল আহি হাৰ্হি দেৱালয়ৰ বাকৰিত বিহু নাচ প্ৰদৰ্শন কৰিছিল। বহাগৰ বিহুৰ হুঁচৰি গাওঁ বোৰত শেষ কৰি ওচৰৰ গঞা ৰাইজে ৭ বহাগৰ দিনা দেৱালয়ত আহি বিহু মাৰিছিল। ১৯৮০ৰ দশত কিছু লোকে মিলি পৃথক ভাবে “ফাট বিহু” নামকৰণ কৰি খেলপথাৰত পাতিব লৈছিল। সময়ত বিহুৰ দলসমূহে লাহে লাহে দেৱালয়ৰ পৰা আঁতৰি সেই খেলপথাৰত প্ৰদৰ্শন কৰিব ধৰিলে। আজিৰ দিনত হাৰ্হি দেৱালয়ত “ফাট বিহু” উদযাপন কৰে যদিও আগৰ দৰে বিভিন্ন দলে হুঁচৰি মাৰিবলৈ অহা দেখা নাযায়। ২০১৩ চনৰ পাছত মিচিং জনগোষ্ঠীৰ দলবোৰেও হুঁচৰি মাৰিবলৈ এৰি দিছিল। বৰ্তমান কেৱল ওচৰৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলেহে তাত হুঁচৰি মৰা দেখা যায়। আনপিনে মʼহঘূলি চাপৰিত আৰম্ভ কৰা নতুন “ফাট বিহু” অসম বিখ্যাত হৈ পৰিল।

 

প্ৰতি বছৰৰ দৰে এইবেলিও আয়োজন কৰা হৈছে ঢকুৱাখনাৰ ম’হঘুলি চাপৰিৰ  সমন্বয়ৰ  লোক মহোৎসৱ ফাট বিহু। শতিকা পুৰণি  এই সাংস্কৃতিক লোক উৎসৱতি চলিত বৰ্ষৰ ২৭, ২৮ আৰু ২৯ ব’হাগ  অর্থাৎ ইংৰাজী ১০, ১১ আৰু ১২ মেত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱেৰে  উদ্ভাসিত  হৈ পৰিব ঢকুৱাখনাৰ ম’হঘুলি চাপৰি। প্ৰচাৰ উপ-সমিতিযে জনোৱা মতে প্রতিটো বিহুদলত ২১ জন আৰু সৰ্বাধিক ৩০ জন বিহুৱা-বিহুৱতী থাকিব লাগিব।বিহু দলৰ সাজ-পোচাক অসমীয়া সংস্কৃতি আৰু ঐতিহ্য সম্বলিত হ’ব লাগিব।

 

বিহুদলসমূহৰ পৰাই বিহুৱা-বিহুৱতীৰ লগতে ঢুলীয়া, পেঁপাবাদক নিৰ্বাচন কৰা হ’ব।পূর্ণবয়স্ক বিহু প্রতিযোগিতাত বিবাহিতা মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰিব। মুকলি বিহু প্রতিযোগিতাত সকলো পুৰুষ-মহিলাই অংশগ্ৰহণ কৰিব পাৰিব। প্রতিযোগী দলসমূহে দিনৰ ভাগত অর্থাৎ সন্ধিয়া ৫ বজাৰ আগতেই যোগদান নিশ্চিত কৰিব লাগিব। প্রতিযোগিতাত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলৰ নামৰ তালিকা প্ৰতিযোগিতা আৰম্ভ হোৱাৰ দিনৰ ২ ঘণ্টাৰ আগতে কার্যালয়ত জমা দিব লাগিব।

 

টকা বিহুত এখন গাঁৱৰ পৰা দুটা দলতকৈ বেছি দলে অংশগ্ৰহণকৰিব নোৱাৰিব ৷ বিহু দলত ক্ৰমেও ২৫ৰ পৰা সৰ্বাধিক ৩০ গৰাকী বিহুৱতী থাকিব লাগিব। যোগদানৰ মাচুল (সকলো জনগোষ্ঠীৰ বাবে) চেমনীয়া বিহু ১০০ টকা, পূর্ণবয়স্ক বিহু ১০০ টকা, টকা বিহু ১০০ টকা, পুৰস্কাৰ শিতানত প্ৰথম পুৰস্কাৰ ১৫ হাজাৰ টকাৰ লগতে চলন্ত ট্রফী, দ্বিতীয় পুৰস্কাৰ ১০ হাজাৰ টকাৰ লগতে চলন্ত ট্রফী,তৃতীয় পুৰস্কাৰ ৫ হাজাৰ টকাৰ লগতে ট্রফী থাকিব।

 

 

 

Previous Post

কাইলৈ ৫ সমষ্টিত ভোটগ্ৰহণ, ৭৭ লাখ ভোটাৰে কৰিব ভোটদান

Next Post

মায়ংক যাদৱ-ৰিয়ান পৰাগ “ইন”, হাৰ্দিক পাণ্ডিয়া-ঋষভ পন্ত “আউট” !টি-২০ বিশ্বকাপৰ ১৫ জনীয়া দলক লৈ কোনে কৰিলে এই ভৱিষ্যৎবাণী

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী

মায়ংক যাদৱ-ৰিয়ান পৰাগ “ইন”, হাৰ্দিক পাণ্ডিয়া-ঋষভ পন্ত “আউট” !টি-২০ বিশ্বকাপৰ ১৫ জনীয়া দলক লৈ কোনে কৰিলে এই ভৱিষ্যৎবাণী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7