শল্য চিকিৎসাৰ ক্ষেত্ৰত আন এক ঐতিহাসিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷এইবাৰ গাহৰিৰ হৃদযন্ত্ৰ এজন ৰোগীৰ শৰীৰত সফলভাৱে সংস্থাপন কৰি ইতিহাস ৰচনা কৰিছে শল্য চিকিৎসকলে ৷ ইউনিভার্চিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলত শুকুৰবাৰে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷ অৱশ্যে কিমান দিনলৈ ৰোগীজনক গাহৰিৰ হৃদযন্ত্ৰটোৱে সুস্থ কৰি ৰাখিব পাৰিব সেয়া এতিয়াও নিশ্চিত নহয় যদিও মানৱ দেহত জন্তুৰ অংগ সংস্থাপনৰ ক্ষেত্ৰত এয়া এক মাইলৰ খুটি হিচাপে বিবেচিত হৈছে ৷
উল্লেখ্য যে বয়সজনিত কাৰণত অসুস্থ হোৱা ডেভিড বেনেট নামৰ ৰোগীজনৰ শৰীৰত মানৱ দেহৰ পৰা হৃদযন্ত্ৰ সংৰোপণৰ বাবে অযোগ্য বুলি চিকিৎসকসকলৰ পৰীক্ষাত পোহৰলৈ আহে ৷ অত্যন্ত দূর্বল হোৱাৰ বাবে মানৱ দেহৰ হৃদযন্ত্ৰ তেওঁৰ শৰীৰত সংৰোপন কৰাত চিকিৎসকসকল সমস্যাৰ সন্মুখীন হয় ৷ সেয়েহে জেনেটিক এডিটিং প্ৰচিডিউৰৰ জৰিয়তে পালন কৰা গাহৰিৰ হৃদযন্ত্ৰ সংৰোপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে চিকিৎসকসকলে ৷ গাহৰিৰ হৃদযন্ত্ৰ সংৰোপনৰ পাছত চিকৎসকসকলে ৰোগীজনৰ স্বাস্থ্য প্ৰতি মূহুর্ততে নিৰীক্ষণ কৰি আছে ৷ বর্তমান ৰোগীজন সুস্থ বুলি সদৰী কৰিছে চিকিৎসকসকলে ৷ অস্ত্ৰোপচাৰৰ এদিন পূর্বে ৰোগীজনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় –অংগ সংৰোপনৰ বাহিৰে মোৰ ওচৰত দ্বিতীয় পথ নাই ৷ মই জীয়াই থাকিব বিচাৰোঁ। এয়া মোৰ বাবে এন্ধাৰৰ মাজত এচমকা পোহৰৰ দৰে ৷ কিন্তু এইটোৱেই মোৰ শেষ পছন্দ ৷ মই আৰোগ্য হোৱাৰ বাবে অপেক্ষা কৰি আছো ।
ফুড এণ্ড মেডিচিন এডমিনিষ্ট্ৰেচনে নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত এই অস্ত্ৰোপচাৰৰ বাবে জৰুৰী কালীন অনুমোদন প্ৰদান কৰিছিল ৷ পৰম্পৰাগত সংৰোপণৰ বাবে অনুপযুক্ত হোৱাৰ বাবে অন্তিম প্ৰচেষ্টা হিচাপে অস্ত্ৰোপচাৰৰ দ্বাৰা গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰা বাৰ্টলী গ্ৰিফিথে কয়, “এয়া এক যুগান্তকাৰী অস্ত্ৰোপচাৰ আছিল ৷ আমাক অংগৰ অভাৱৰ সংকট সমাধানৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই লৈ গ’ল ৷
বিশ্ববিদ্যালয়খনৰ কাৰ্ডিয়াক জেনোট্ৰেন্সপ্লাণ্টেচন কাৰ্যসূচীৰ সহ-প্ৰতিষ্ঠাপক মুহাম্মাদ মহিউদ্দিনে লগতে কয় যে এই অস্ত্ৰোপচাৰটো আছিল গৱেষণাৰ সমাপ্তি ৷ তেওঁ কয়, “সফল প্ৰক্ৰিয়াটোৱে চিকিৎসাৰ ক্ষেত্ৰত ভৱিষ্যতে ৰোগীসকলক এই সম্ভাৱ্য জীৱন ৰক্ষা পদ্ধতি উন্নত কৰাত সহায় কৰিব ৷ ” লক্ষণীয় যে ৰোগীজনৰ শৰীৰত হৃদযন্ত্ৰ সংস্থাপনৰ বাবে গাহৰিটো বিশেষভাৱে পালন কৰা হৈছিল ৷ জেনেটিক এডিটিং প্ৰচিডিউৰৰৰ জৰিয়তে পালন কৰা হৈছিল গাহৰিটো ৷