তাৰিখ: ১০/১০/২০২৩ আজিৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পৰিদৰ্শকৰ কনফাৰেন্স হলত হায়দৰাবাদৰ ‘বিশ্বম্ এডুটেক’ৰ দ্বাৰা ‘বেদিক গণিত’ সম্পৰ্কীয় এখনি দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । অসমৰ গণিত মেধা কল্লোল দাসৰ আহ্বান ক্ৰমে অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ ষোল্লখন স্কুলৰ ত্ৰিশজন নিৰ্বাচিত গণিত শিক্ষকে অংশগ্ৰহণ কৰে ।
হায়দৰাবাদৰ বিশিষ্ট গণিতজ্ঞ আৰু বিশ্বম্ এডুটেকৰ সঞ্চালক চন্দ্ৰপ্ৰকাশে এই প্ৰশিক্ষণৰ জৰিয়তে ছাত্র-ছাত্রীসকলৰ মনত থকা গণিতভীতি দূৰ কৰি গণিতক অধিক জনপ্ৰিয় আৰু সহজ কৰি তোলাৰ ক্ষেত্ৰত বেদিক গণিতৰ চৰ্চা এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । জিলা আচনি বিষয়া তাপসী শৰ্মাই আত ধৰা উন্মোচনী অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়াই অসমত পোণ প্ৰথমবাৰৰ বাবে ষোল্লখন বিদ্যালয়ক জড়িত কৰি আয়োজন কৰা প্ৰথম পৰ্যায়ৰ এই গণিতৰ পাইলট প্ৰোজেক্ট সফলভাৱে ৰূপায়িত হোৱাৰ পিছত পৰ্যায়ক্ৰমে ইয়াক অন্যান্য স্কুললৈ সম্প্ৰসাৰিত কৰা হব বুলি আশা ব্যক্ত কৰে । আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত পৰিদৰ্শক দীপিকা চৌধুৰী মহোদয়াৰ লগতে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা, জিলা অধিবিদ্যা পৰিষদৰ কাৰ্যকৰী সভাপতি উৎপল শৰ্মা, সম্পাদিকা পূৰৱী কলিতা প্ৰমুখ্যে কেবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে।