গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ ৷ অসম চৰকাৰৰ ‘ভ্ৰমণ সাৰথি’ আঁচনিৰ অন্তৰ্ভুক্ত আছিল এই বাছসমূহ। মহানগৰীৰ মহিলা, জ্যেষ্ঠ নাগৰিকৰ বাবে এ এছ টি চিয়ে চলাইছিল এই বাছসমূহ। যাত্ৰীয়ে ব্যৱহাৰ নকৰাৰ বাবেই ২১খন বাছ প্ৰত্যাহাৰৰ সিদ্ধান্ত এ এছ টি চিৰ। এতিয়াৰে পৰা কেৱল ৪খন গুলপীয়া বাছ চলিব মহানগৰীত। খানাপাৰা-জালুকবাৰী, বোন্দা-জালুকবাৰীলৈ চলিব বাছকেইখন ৷