কেলিফৰ্ণিয়াত শনিবাৰে এক বিমান দুৰ্ঘটনা সংঘটিত হয় । যাত্ৰীসহ এখন বাণিজ্যিক জেট বিমান দুর্ঘটনাগ্ৰস্ত হৈছে । বিমানখনত থকা ৬ জন যাত্ৰীৰে থিতাতে মৃত্যু হয় ৷
সংবাদ মাধ্যম চিএনএনৰ মতে, শনিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৪:১৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। কেলিফৰ্ণিয়াৰ মুৰিটাৰ ফ্ৰেন্স ভেলী বিমানবন্দৰৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাস্থলী ছান ডিয়েগোৰ পৰা ৬৫ মাইল উত্তৰত। ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, লাছ ভেগাছৰ হেৰী ৰিড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল চেছনা ব্যৱসায়িক জেট বিমানখন। চালক আৰু ফ্লাইট এটেণ্ডেণ্টকে ধৰি ছয়জন লোকসহ বিমানখন উৰা মাৰিছিল । অৱশ্যে মৃত লোকসকলৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।
এখন পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। লগে লগে বিমানখনত জুই লাগে ৷ প্ৰায় এক একৰ গছ-গছনি নষ্ট হৈছে এই অগ্নিকাণ্ডত। পুৱা বিষয়টো পোহৰলৈ অহাৰ পিছত উদ্ধাৰ কাম আৰম্ভ কৰিবলৈ যথেষ্ট সময় লাগে । তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হয়। জুই নিৰ্বাপন কৰি বিমানখনৰ ধ্বংসাৱশেষৰ পৰা ৬টা মৃতদেহ উদ্ধাৰ কৰে।
কেলিফৰ্ণিয়াৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে জনোৱা মতে, তদন্ত আৰম্ভ হৈছে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, বিমানখনত কোনো বিজুতি ঘটিছিল নেকি, যান্ত্ৰিক বিজুতি বা বতৰৰ লগত জড়িত কাৰক দুৰ্ঘটনাৰ বাবে দায়ী নেকি, সেই বিষয়ে তদন্ত কৰা হ’ব।