ঘন জংঘল আমাজনত সংঘটিত হৈছে বিমান দুৰ্ঘটনা। কিন্তু আশ্চর্য্যজনকভাৱে দুসপ্তাহৰ অন্তত গভীৰ অৰণ্যৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হ’ল চাৰিটা শিশু। ইয়াৰ ভিতৰত ১১ মহীয়া এটা শিশুও আছে ৷ লেটিন আমেৰিকাৰ কলম্বিয়াত সংঘটিত হৈছে এই ঘটনা। দেশৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই বিমান দূর্ঘটনাৰ বিষয়ে প্ৰকাশ কৰে ।
১ মে’ত কলম্বিয়াৰ আমাজনত এখন চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। পাইলটসহ তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । কিন্তু ১১ মাহৰ পৰা ১৩ বছৰ বয়সৰ চাৰিটা শিশু পোৱা নগ’ল। তেওঁলোকৰ সন্ধানত ১০০ সেনা জোৱান আৰু স্নিফাৰ ডগ নিয়োগ কৰা হয়। ৰাষ্ট্ৰপতি গুস্তাভোৰ দাবী যে নিৰন্তৰ অনুসন্ধানৰ অন্তত চাৰিটা শিশু উদ্ধাৰ হৈছে। অৱশ্যে এই সন্দৰ্ভত সন্দেহৰ সৃষ্টি হৈছে। কাৰণ, কলম্বিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে তেওঁলোকে শিশু উদ্ধাৰৰ কোনো খবৰৰ বিষয়ে অৱগত নহয়। চলিত সপ্তাহৰ আৰম্ভণিতে বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। ৰাণকুই মুউটুৱে নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ।