চলিত বৰ্ষৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হৈছিল অযোধ্যাৰ ৰাম মন্দিৰ। তেতিয়াৰ পৰাই মন্দিৰ চৌহদত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ১৩ মাৰ্চত জনোৱা মতে, এতিয়া প্ৰতিদিনে ৰামলালাৰ দৰ্শনৰ বাবে ৰাম মন্দিৰলৈ এক লাখৰ পৰা ডেৰ লাখ তীৰ্থযাত্ৰী আহি আছে। শেহতীয়াকৈ মন্দিৰ কৰ্তৃপক্ষই তীৰ্থযাত্ৰীৰ প্ৰৱেশ সন্দৰ্ভত নতুন নিয়ম ঘোষণা কৰিছে যাতে অতিমাত্ৰা ভিৰ ৰোধ কৰিব পৰা যায়। আপুনিও ৰাম মন্দিৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছেনেকি? তেনেহ’লে ৰাম মন্দিৰ ভ্ৰমণৰ লগত জড়িত কিছু নতুন বাধা জানি লওক।
১) পুৱা ৬.৩০ বজাৰ পৰা নিশা ৯.৩০ বজাৰ ভিতৰত তীৰ্থযাত্ৰীসকলে মন্দিৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব।
২) মন্দিৰত প্ৰৱেশ কৰি পূজা কৰাৰ পাছত এজন ভক্তই মন্দিৰ চৌহদ ভ্ৰমণ কৰিবলৈ প্ৰায় ৬০ মিনিটৰ পৰা ৭৫ মিনিট সময় লাগিব ৷
৩) জোতা পিন্ধি আৰু মোবাইল, পাৰ্চ লৈ দৰ্শনাৰ্থীয়ে মন্দিৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব। সময় ৰাহি কৰিবলৈ দৰ্শনাৰ্থীসকলক আগতীয়াকৈ মন্দিৰ চৌহদৰ বাহিৰত জোতা, ফোন, পাৰ্চ থৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে।
৪) দৰ্শনাৰ্থীয়ে পুৱা ৪ বজাত মংগল আৰতি, পুৱা ৬:১৫ বজাত শৃংগাৰ আৰতি আৰু নিশা ১০ বজাত শয়ন আৰতি চাবলৈ প্ৰৱেশ অনুমতি পত্ৰৰ প্ৰয়োজন। আন আৰতি চাবলৈ কোনো অনুমতিৰ প্ৰয়োজন নহ’ব।
৫) দৰ্শকে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ ৱেবছাইটত গৈ অনুমতিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ কোনো মাচুল নাই।
৬) ইয়াৰ বাবে দৰ্শনাৰ্থীৰ নাম, বয়স, আধাৰ নম্বৰ, ফোন নম্বৰ আৰু চহৰৰ নাম ৱেবছাইটত দাখিল কৰিব লাগিব ৷