নগাঁও জিলাৰ পুৰণিগুদামৰ এজন যুৱক পাৰ্থ দাস ৷ যি যোৱা ৫ অক্টোবৰ তাৰিখে এক ভয়াবহ দুৰ্ঘটনাত পতিত হয় ৷ পুৰণিগুদামৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ঘৰ পোৱাৰ ঠিক আগতেই এই দুৰ্ঘটনা সংঘটিত হয় আৰু সেই দুৰ্ঘটনাত তেওঁৰ মগজুৰ বহু ক্ষতি হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে ।
জানিব পৰা মতে তেওঁক বৰ্তমান সময়ত বহু উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে। কিন্তু আৰ্থিক অৱস্থা স্বচ্ছল নোহোৱাৰ বাবে চিকিৎসা কৰোৱাবলৈ সমৰ্থ হোৱা নাই তেওঁৰ পৰিয়ালৰ লোক ৷ আগতেও তেওঁৰ এবাৰ হৃদয়ৰ অস্ত্ৰোপচাৰ ( Heart Surgery) হৈ গৈছে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পাৰ্থ নামৰ এই যুৱকজনৰ উপাৰ্জনেৰে চলি থকা নিথৰুৱা পৰিয়ালটোক এতিয়া লাখ টকাৰ প্ৰয়োজন হৈছে যুৱকজনৰ চিকিৎসাৰ বাবে ।ইমান কম সময়ৰ ভিতৰত ইমান টকা কেনেকৈ যোগাৰ কৰিব তাকে ভাবি ভাগি পৰিছে পাৰ্থৰ পিতৃ-মাতৃ ।
সেয়েহে সামাজিক মাধ্যম নাইবা অন্যান্য বিভিন্ন মাধ্যম যোগে পাৰ্থৰ আৰু পাৰ্থৰ পৰিয়ালৰ হৈ বহুজনে সহায় বিচাৰিছে ৰাইজৰ ৷ সামৰ্থ্য অনুযায়ী যি যেনেকৈ পাৰে পাৰ্থক সহায় কৰি তেওঁৰ জীৱন ৰক্ষা কৰিবৰ বাবে আহ্বান জনাইছে বহুজনে । সকোৰে প্ৰাৰ্থনা তেওঁ যেন সোনকালে সুস্থ হৈ নিজৰ ঘৰখনলৈ ঘূৰি আহে ।
পাৰ্থ দাসৰ সাহায্যৰ বাবে যোগাযোগৰ নম্বৰ :-
Google Pay no. – 6000475693
ACCOUNT no. – 52220015641521 ( BANDHAN BANK )
IFSC NUMBER – BDBL0001435
Mantu Das