আন্তর্জাতিক পর্যায়ত দেশৰ ভাৱমূর্ত্তি বিনষ্ট কৰাৰ প্ৰয়াস চলোৱা হৈছে ৷ এই তাৎপর্যপুর্ণ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বৃহস্পতিবাৰে আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ব্ৰহ্মকুমাৰীয়ে আয়োজন কৰা ‘আজাদী কে অমৃত মহোৎসৱ চে স্বৰ্নিম ভাৰত কে অ’ৰ’ কার্যসূচী উদ্বোধন কৰি তেওঁ কয় “এয়া এক ৰাজনীতি বুলি আমি এই বিষয়টো এৰাই চলিব নোৱাৰো । ইয়াৰ লগত আমাৰ দেশৰ সুনামৰ প্ৰশ্ন জড়িত হৈ আছে ৷”
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত বিৰোধী প্ৰচাৰৰ সৈতে যুঁজিবলৈ ব্ৰহ্মকুমাৰী আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে কি ধৰণৰ ভূমিকা পালন কৰিব পাৰে তাৰ ওপৰত বিশদ বাখ্যা আগবঢ়াই ৷ মোদীয়ে কয় ” বিভিন্ন দেশৰ নাগৰিকসকলক যাতে প্ৰকৃত তথ্য প্ৰদান কৰা হয় সেয়া নিশ্চিত কৰা উচিত ৷ ভাৰতৰ বিৰুদ্ধে উৰাবাতৰি বিয়পোৱা ৰোধ কৰা আমাৰ সকলোৰে দায়িত্ব ৷”উল্লেখ্য যে ইয়াৰ পূর্বেও প্ৰধানমন্ত্ৰী গৰাকীয়ে এই বিষয়টো ভাষণ প্ৰসংগত উল্লেখ কৰিছিল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰৰ ১২ অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) ২৮ তম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ ভাষণত এই কথা উল্লেখ কৰিছিল ৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘আজাদী কা অমৃত মহোৎসৱ ৰ পৰা স্বৰনিম ভাৰত কি অ’ৰ’ ৰ দৰে কার্যসূচী অয়োজন কৰা বাবে ব্ৰহ্মকুমাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ এই উপলক্ষে তেওঁ মাই ইণ্ডিয়া হেলথি ইণ্ডিয়া, আত্মনির্ভৰ ভাৰতঃ আত্মনিৰ্ভৰশীল কৃষক, মহিলাঃ ভাৰতৰ ধ্বজাবাহক, শান্তি অভিযান , আ ভাৰত চাইকেল ৰেলী, ইউনাইটেড ইণ্ডিয়া মটৰ বাইক অভিযান আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত সেউজ বিপ্লৱৰ দৰে আঁচনিও মুকলি কৰে ৷