দেৰগাঁৱত সংঘটিত মৰ্মান্তিক পথ দুর্ঘটনাত ১২ জন লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মৃত্যু হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ২ লাখ আৰু আহতসকলৰ পৰিয়াললৈ ৫০ হেজাৰ টকাৰ আর্থিক সাহায্য তেওঁ ঘোষণা কৰিছে ৷
 
Pained by the loss of lives due to a road mishap in Golaghat, Assam. Condolences to the bereaved families. May the injured recover at the earliest. The local administration is providing all possible assistance to those affected. An ex-gratia of Rs. 2 lakh from PMNRF would be…
— PMO India (@PMOIndia) January 3, 2024
একশোকবার্তাত তেওঁ কয় –“ অসমৰ গোলাঘাটত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা ঘটনাত মর্মাহত হৈছো ৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকল অতি সোনকালে আৰোগ্য লাভ কৰক। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে। পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব। “