উত্তৰ প্ৰদেশৰ অগন্তুক বিধানসভা নির্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি ৷ এটাৰ পাছত আন এটা প্ৰকল্প ৰূপায়নেৰে ভোটাৰৰ মন আকর্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে ৷ ইয়াৰ মাজতে আজি উত্তৰপ্ৰদেশৰ ৪০ জন বিজেপি সাংসদৰ সৈতে ব্ৰেকফাষ্ট গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ যাক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ আগন্তুক বিধানসভা নির্বাচনক লৈ এই সাংসদসকলক মোদীয়ে কি গোপন মন্ত্ৰণা দিলে বুলিও চর্চিত হৈছে ৷ জানিবপৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক দলৰ লগতে সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰিবলৈ আহ্বান জনাইছে ৷ তদুপৰি শৰীৰ চর্চা আৰু ক্ৰীড়ামূলক কার্যসূচী অনু্ষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ সাংসদসকলৰ আগত দোহাৰে ৷ যুৱ প্ৰজন্মক বিশেষকৈ মহিলাসকলক অনুপ্ৰাণিত কৰা বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰামর্শ আগবঢ়াই সাংসদসকলক ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ক্ৰীড়া অর্থনীতি গঢ়াৰো পোষকতা কৰে ৷ নতুন নতুন ধাৰণাৰে আজাদি কা অমৃত মহোৎসৱ উদযাপন কৰিবলৈয়ো মোদীয়ে সাংসদসকলক আহ্বান জনাইছে ৷অৱশ্যে আজিৰ বৈঠকত সকলো সাংসদ উপস্থিত নাছিল ৷ উপস্থিত থকা সাৎসদসককলৰ অধিকাংশই লোকসভাৰ ৷