৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ স্বাধীনতা সংগ্ৰামীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰাকীয়ে ২০৪৭ চনৰ ভিতৰত স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণৰ বাবে পাঁচটা প্ৰতিশ্ৰুতিৰে জনসাধাৰণক আগুৱাই যাবলৈ আহ্বান জনায় ৷সেই পাঁচটা প্ৰতিশ্ৰুতি হৈছে ভাৰতক উন্নত ৰাষ্ট্ৰ কৰা ,দাসত্বৰ সকলো প্ৰতীক আঁতৰোৱা, ঐতিহ্যক লৈ গৌৰৱান্বিত হোৱা , ঐক্য আৰু আমাৰ কৰ্তব্য পালন কৰা ৷ আজি পতাকা উত্তোলনৰ পূর্বে ৰাজঘাটৰ মহাত্মা গান্ধীৰ সমাধি স্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাছত লালকিল্লাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰক্ষীৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ৷
উল্লেখ্য যে ২০২১ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা ‘আজাদী কা অমৃত মহোৎসৱ’ নামৰ কাৰ্যসূচীৰে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰা হয় ৷ এই উপলক্ষে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু প্ৰসিদ্ধ অট্টালিকাসমূহ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে।
ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱানসকলে আজি মিছন ‘অমৃতৰোহন’ হিচাপে একেলগে ৭৫টা শিখৰত উঠি সেই ৭৫টা শৃংগৰ ওপৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অভিলেখ ৰচনা কৰিছে ৷
স্বাধীনতা দিৱসৰ কার্যসুচী উপলক্ষে সমগ্ৰ দিল্লীতে ব্যাপক নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। বহুস্তৰীয় নিৰাপত্তা আৱৰণ গঢ়ি তোলা লালকিল্লা পহৰা দিবলৈ ১০ হাজাৰৰো অধিক জোৱান নিয়োগ কৰা হৈছে। প্ৰায় ৭ হাজাৰ আমন্ত্ৰিত লোকে এই অনুষ্ঠানত উপস্থিত থাকে ৷