প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে মুকলি কৰে ৭০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা কাশী বিশ্বনাথ কৰিড’ৰ ৷ কালি দুপৰীয়া নাঁৱেৰে মোদী এই মেগা পুনৰ নির্মিত প্ৰকল্পস্থলীত উপস্থিত হয় ৷ প্ৰথমে মোদীয়ে গংগাত স্নান কৰে আৰু পূজা অর্চনা আগবঢ়ায় ৷ ইয়াৰ পাছতে তেওঁ ৫৫,০০০ বর্গফুট এলেকাত নির্মান কৰা ২৪ টা ভৱন ৰাষ্ট্ৰৰ নামত সমর্পন কৰে ৷ সন্ধিয়া প্ৰধানমন্ত্ৰী গৰাকীয়ে দশশ্বমেধ ঘাটৰ পৰা নাঁওত উঠি গংগা আৰতি উপভোগ কৰে ৷
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে এই প্ৰকল্প হৈছে তেওঁলোকৰ কর্তব্য-সক্ষমতাৰ প্ৰতিফলন ৷ সমাৱেশত উপস্থিত থকা ৩০০০ অতিথিক উদ্দ্যেশি তেওঁ দেশৰ স্বার্থত তিনিটা সংকল্প লবলৈ আহ্বান জনায় ৷ স্বচ্চতা,সৃজন আৰু আত্মনির্ভৰ ভাৰতৰ বাবে সকলোকে সংকল্প লবলৈ তেওঁ আহ্বান জনায় ৷ তেওঁ লগতে কয় ‘ এই পুৰণি চহৰখনৰ সামাজিক আৰু সাংস্কৃতিক ঐতিহ্য পুনৰুজ্জীৱিতকৰনেৰে অজি আন এক ইতিহাস ৰচনা হ’ল ৷ ‘
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য়নাথ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে, ধর্মেন্দ্ৰ প্ৰধানকে ধৰি বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে ৷ এই অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰী গৰাকীয়ে কৰিড’ৰ টোৰ নির্মানৰ সৈতে জড়িত থকা লোকসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহন কৰে ৷
ইফালে, আজি দ্বিতীয় দিনাও কেইবাটাও কার্যসুচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ বিয়লি বাৰাণসীত এক অনুষ্ঠানত অংশগ্ৰহনৰ পাছতে তেওঁ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত মিলিত হ’ব ৷