বহুসংখ্যক বিশ্বনেতাৰ উপস্থিতিত আজি অনুষ্ঠিত হয় জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ অন্ত্যেষ্টিক্ৰিয়া ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেইবাজনো বিশ্ব নেতাৰ সৈতে টকিঅ’ত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই অনুষ্ঠানত হোৱা বিশাল খৰচৰ বাবে জনসাধাৰণৰ বিৰোধিতা কৰা দেখা গৈছে ৷ তদুপৰি ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া কিছুসংখ্যক পৰিয়ালৰ বাবে সংৰক্ষিত কৰা হৈছে। জাপানত দ্বিতীয়বাৰৰ বাবে এজন ৰাজনীতিবিদক ৰাষ্ট্ৰীয় মর্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে ৷
ক’লা কিমোনো পিন্ধি আবেৰ পত্নী আকিয়ে কাপোৰেৰে ঢাকি থোৱা বাকচ এটাত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ চিতাভস্ম কঢ়িয়াই লৈ আহে ৷ লগে লগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ১৯ জাই গুলীৰে সন্মান প্ৰদর্শন কৰা হয় ৷ প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক সাক্ষাৎ কৰি দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰয়াত নেতাগৰাকীৰ অৱদানৰ কথা স্মৰণ কৰে ৷
আবে আছিল জাপানৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী ৷ তিনিমাহ পূৰ্বে দক্ষিণ জাপানৰ নাৰা চহৰত প্ৰচাৰ ভাষণ দি থকাৰ সময়তে ৬৭ বছৰীয়া আবেক গুলীয়াই হত্যা কৰা হৈছিল। ভাৰতে ৯ জুলাইত মিষ্টাৰ আবেৰ প্ৰতি সন্মানৰ চিন স্বৰূপে এদিনীয়া ৰাষ্ট্ৰীয় শোক প্ৰকাশ কৰিছিল।