ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰাৰ পাছতে বৃহস্পতিবাৰে নিশা এক উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বিশেষকৈ অ’মিক্ৰনৰ সংক্ৰমনক লৈ ল’বলগীয়া সাৱধনতা আৰু প্ৰস্তুতি সম্পর্কে বুজ লয় ৷ বৈঠকতে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিষয়াসকলক সকলো স্তৰত সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ এতিয়াও শেষ হোৱা নাই৷ সেয়েহে ‘সতৰ্ক’ আৰু ‘সাৱধান’ হোৱাটো অত্যন্ত প্ৰয়োজনীয় ৷
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে বিষয়াসকলক কয় ‘ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ প্ৰতি লক্ষ্য ৰাখি আমি অধিক সতৰ্ক আৰু সাৱধান হ’ব লাগিব । মহামাৰীৰ বিৰুদ্ধে যুঁজ শেষ হোৱা নাই ৷ অমি সকলোৱে ক’ভিড বিধি মানি চলি নিজৰ লগতে সমাজক সুৰক্ষিত কৰি ৰখাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লাগিব ৷’ প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰক ৰাজ্যসমূহৰ সৈতে একেলগে কাম কৰাৰ লগতে সংশ্লিষ্ট চৰকাৰসমূহৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা ব্যৱস্থাক সহযোগ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক কয় যে মহামাৰীৰ বিৰুদ্ধে সহযোগিতামূলক আৰু একত্ৰিত প্ৰচেষ্টাইহে সফলতা আনিব ৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে নতুন ভেৰিয়েণ্টৰ পৰা সৃষ্টি হ’ব পৰা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা পৰ্যায়ত স্বাস্থ্য আন্তঃগাঠনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ ৰাজ্যসমূহত অক্সিজেন যোগানৰ সঁজুলি স্থাপন আৰু সম্পূৰ্ণৰূপে কার্যক্ষম কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰে বিষয়াসকলক ৷ তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে যোগ্য লোকসকলক ক’ভিডৰ টীকাকৰণ সম্পূর্ণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে ৷