জাপানৰ প্রাক্তন প্রধানমন্ত্রী শ্বিনজো আবেৰ ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ জাপান চৰকাৰে ২৭ ছেপ্টেম্বৰত আবেৰ ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিব ।টকিঅ’ৰ কিটানোমাৰু নেশ্যনেল গাৰ্ডেনৰ নিপ’ন বুডোকান এৰিনাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।জাপানৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি আনুষ্ঠানিক বিদায় অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ সৈতেও বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে জাপান ভাৰতৰ অন্যতম মিত্ৰ দেশ হিচাপে বিবেচিত হৈ আহিছে ৷ ২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীৰ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত আবেই তেওঁক য়ামানাছি প্ৰিফেকচাৰত থকা নিজৰ পৰিয়ালৰ ঘৰলৈ আমন্ত্ৰণ জনাইছিল ৷ মোদী আৰু আবেৰ মাজত যথেষ্ট ঘনিষ্ঠ সম্পর্ক আছিল ৷
ইয়াৰ পূৰ্বে মে’ মাহত জাপানৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰাৰ প্ৰায় দুবছৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে আবেক সাক্ষাৎ কৰিছিল ৷ জাপানৰ নাৰা চহৰত যোৱা ৮ জুলাইত নির্বাচনী সভাত ভাষণ প্ৰদান কৰাৰ সময়ত আবেক গুলীয়াই হত্যা কৰা হৈছিল ৷ আবেৰ মৃত্যুৰ পিছত ভাৰতত এদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।