বিভিন্ন বিষয়ক লৈ অত্যন্ত কঠোৰ ভাষাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শেহতীয়াকৈ সমালোচনা কৰি আহিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৷ প্ৰতিখন সভাতে প্ৰধানমন্ত্ৰী গৰাকীক আক্ৰমণ কৰি অহাৰ পৰিপ্ৰেক্ষিতত ৰাও আৰু মোদীৰ মাজৰ সম্পর্ক দিনকদিনে পাই অহা বুলি ৰাজনৈতিক মহলত চর্চিত হৈছে ৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰি মোদীয়ে টেলিফোন কৰি ৰাওক শুভেচ্ছা জনায় ৷ অৱশ্যে জন্মদিনৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাহিৰে দুই গৰাকী নেতাৰ মাজত আন কোনোধৰণৰ কথা-বতৰা হোৱা নাই বুলি জানিব পৰা গৈছে ৷ যোৱা ৫ ফেব্ৰুৱাৰীত হায়দৰাবাদলৈ সাধু ৰামানুজাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ অহাৰ সময়ত ৰাওৱে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ পিছত এয়া তেওঁলোকৰ প্ৰথম বাৰ্তালাপ।
Birthday wishes to Telangana CM Shri KCR Garu. Praying for his long and healthy life. @TelanganaCMO
— Narendra Modi (@narendramodi) February 17, 2022
মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰক একাধিকবাৰ সমালোচনাৰে থকাসৰকা কৰিছে ৷ আনকি দিল্লীৰ শাসনৰ গাদীৰ পৰা মোদীক ওফৰাই দিব বুলিও হুংকাৰ দিছিল কে চন্দ্ৰশেখৰ ৰাওৱে ৷