অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত সংযোজন হ’ল আন এক অধ্যায় ৷ জাগীৰোডত স্থাপন হ’ল টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৷ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰী মোদীয়ে শিলন্যাস কৰে । টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব এই ছেমি কণ্ডাক্টৰ প্ৰকল্প ৷ এই প্ৰকল্পত ৩০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে।
এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আজিৰ এই দিনটো এক ঐতিহাসিক দিন। আজি আমি ইতিহাস ৰচনা কৰিছো, উজ্জ্বল ভৱিষ্যতৰ দিশে এক ডাঙৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছো। আজি ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ সৈতে জড়িত তিনিটা ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ল। অসমৰ মৰিগাঁৱত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সুবিধাই ভাৰতক ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ বৃহৎ গ্ল’বেল হাব কৰি তোলাত সহায় কৰিব। মই দেশবাসীক এই গুৰুত্বপূৰ্ণ আৰম্ভণিৰ বাবে, শক্তিশালী পদক্ষেপৰ বাবে অভিনন্দন জনাইছো।’’
।মোদীয়ে কয় যে আজি ভাৰত সমগ্ৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ম’বাইল ফোন উৎপাদক । ছেমি কণ্ডাক্টৰ উদ্যোগৰ সৰ্বাধিক লাভ পাব ভাৰতৰ যুৱ প্ৰজন্মই। ই বিকাশৰ অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। আজিৰে পৰা ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰতো নতুন সুবিধা উপলব্ধ হ’ব। এই সুবিধাই যুৱ প্ৰজন্মক এডভাঞ্চ টেকন’ল’জী নিয়োগৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব।
জাগীৰোডত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, ‘‘আজিৰ দিনটোত দেশত তিনিটা ছেমি কণ্ডাক্টৰৰ আধাৰ শিলা স্থাপন হ’ল। ইয়াৰে এটা জাগীৰোডত স্থাপন হ’ব। ২৭ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব অসমৰ ছেমি কণ্ডাক্টৰত। ১৫ হাজাৰ প্ৰত্যক্ষ আৰু ১৫ হাজাৰ পৰোক্ষ নিয়োগ সৃষ্টি হ’ব এই প্ৰকল্পত।’’