আইন-শৃংখলা ৰাজ্যসমূহৰ দায়িত্ব যদিও এইবোৰ দেশৰ ঐক্য আৰু অখণ্ডতাৰ সৈতেও জড়িত ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ শুকুৰবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাৰিয়ানাৰ সূৰজকুণ্ডত অনুষ্ঠিত ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকলৰ চিন্তন শিবিৰ সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চলি থকা এই অধিবেশনখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এক উৎকৃষ্ট উদাহৰণ ৷
তেওঁ কয় ‘ৰাজ্যসমূহে এখনে আনখনৰ পৰা যথেষ্ট শিকিবলগীয়া আছে ৷ এখন ৰাজ্যই আনখন ৰাজ্যৰ পৰা প্ৰেৰণা ল’ব পাৰে আৰু দেশৰ উন্নতিৰ বাবে একেলগে কাম কৰিব পাৰে- ৷ এয়া সংবিধানৰ আৱেগ আৰু নাগৰিকৰ প্ৰতি আমাৰ কৰ্তব্য।’ ভাষণ প্ৰসংগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে এক দেশ এক ইউনিফর্মৰ পোষকতা কৰি সম্ভৱ হ’লে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেএই বিষয়টো আলোচনা কৰিব লাগে বুলি উল্লেখ কৰে ৷
প্ৰধানমন্ত্ৰীয়ে কয় যে অপৰাধ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ পৰিণত হোৱাৰ বাবে আইন-শৃংখলা কেৱল এখন ৰাজ্যতে সীমাবদ্ধ নহয়। সীমান্তৰ সিপাৰৰ পৰা অহা অপৰাধীয়ে কৰা প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।
তেওঁ লগতে কয় -“যেতিয়ালৈকে এই বিষয়সমূহৰ ওপৰত আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা সহযোগিতা নাথাকে আৰু সকলো ৰাজ্যই এইবোৰৰ বিৰুদ্ধে যুঁজিবলৈ একত্ৰিত নহয় তেন্তে ইয়াৰ মুখামুখি হোৱাটো অসম্ভৱ ৷”
প্ৰধানমন্ত্ৰীয়ে ভুৱা বাতৰিৰ বিষয়ে আৰু অধিক সতৰ্ক হ’বলৈ আহ্বান জনাই কয় যে ই সমগ্ৰ দেশতে ধুমুহাৰ সৃষ্টি কৰিব পাৰে।মোদীয়ে কয় -“আইন পালনকাৰী নাগৰিকৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে নেতিবাচক শক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো আমাৰ দায়িত্ব ৷ সৰু সৰু ভুৱা বাতৰিয়ে সমগ্ৰ দেশতে ধুমুহাৰ সৃষ্টি কৰিব পাৰে ৷ যিকোনো কথা প্ৰচাৰ কৰাৰ আগতে আমি মানুহক চিন্তা কৰিবলৈ,বিশ্বাস কৰাৰ আগতে পৰীক্ষা কৰিবলৈ শিক্ষিত কৰিব লাগিব ।’
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (পিএমঅ’) বিবৃতি অনুসৰি দুদিনীয়া চিন্তন শিবিৰ হৈছে আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত নীতি প্ৰণয়নৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দৃষ্টিভংগী প্ৰদানৰ এক প্ৰয়াস। আৰক্ষী বাহিনীৰ আধুনিকীকৰণ, চাইবাৰ অপৰাধ ব্যৱস্থাপনা, ফৌজদাৰী ন্যায় ব্যৱস্থাত আই টিৰ ব্যৱহাৰ বৃদ্ধি, স্থলসীমা ব্যৱস্থাপনা, উপকূলীয় সুৰক্ষা, মহিলা সুৰক্ষা, ড্ৰাগছ সৰবৰাহ আদি বিষয় আলোচনা কৰা হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ১৬খন ৰাজ্যৰ গৃহমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী সমবেত হয়।