দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ দেশবাসী ৷ আজি তেওঁৰ ৰায়ছান বাসগৃহত প্ৰধানমন্ত্ৰী মোডীয়ে মাতৃক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শেষ কৃত্যৰ বাবে তেওঁৰ নশ্বৰ দেহ শ্মশানলৈ লৈ যোৱাৰ দৃশ্য সঁচাকৈয়ে মৰ্মান্তিক৷ চলিত বৰ্ষৰ জুন মাহত শতবৰ্ষ উদযাপন কৰিছিল হীৰাবেন মোডীয়ে।উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ বাবে বুধবাৰে তেওঁক আহমেদাবাদৰ মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজি এণ্ড ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱা হয়। পূৰ্বতে চিকিৎসালয়খনে তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছিল যদিও অজি পুৱাই তেওঁ ইহসংসাৰ ত্যাগ কৰে ।
উল্লেখনীয় যে প্ৰধান মন্ত্ৰী গৰাকী মাতৃৰ প্ৰতিটো জন্মদিনতে তেওঁৰ ওচৰলৈ গৈছিল আৰু জন্মদিন উদযাপনৰ শেহতীয়া ছবিবোৰত তেওঁক সুস্থ দেখা গৈছিল।জানিব পৰা মতে এই বয়সতো হীৰাবেনে নিজৰ কাম নিজেই কৰিছিল।
মাতৃৰ মৃত্যুৰ বিষয়ে অৱগত কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি পুৱা সামাজিক মাধ্যম টুইটাৰত এক টুইট কৰি কয় যে এটা গৌৰৱময় শতিকাই ঈশ্বৰৰ চৰণত জিৰণি লৈছে ৷ তেওঁ লগতে কয় যে তেওঁৰ মাতৃৰ মাজত তেওঁ সদায় এগৰাকী তপস্বী ,এগৰাকী নিস্বাৰ্থ কৰ্মযোগী আৰু জীৱনৰ প্ৰতি দায়বদ্ধ এগৰাকী ব্যক্তিক অনুভৱ কৰিছিল ৷ চলিত বৰ্ষৰ ১০০ বছৰীয়া জন্মদিনত মাতৃৰ ওচৰলৈ যোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে যেতিয়া তেওঁ তেওঁৰ ১০০ বছৰীয়া জন্মদিনত মাতৃক লগ পাইছিল তেতিয়া তেওঁ এটা কথা কৈছিল যিটো তেওঁ সদায় মনত ৰাখিব যে ‘বুদ্ধিৰে কাম কৰক আৰু জীৱন সুন্দৰ হওঁক’ ৷
বুধবাৰে ভৰ্তি হোৱা মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজি এণ্ড ৰিচাৰ্চ চেণ্টাৰে আজি হীৰাবেন মোডীৰ মৃত্যুৰ খবৰ ঘোষণা কৰে। চিকিৎসালয়খনত আজি পুৱা ৩.৩০ বজাত মহিয়সী নাৰী গৰাকীৰ দেহাৱসান ঘটে ৷ জানিবপৰা মতে বুধবাৰে মাতৃক ভৰ্তি কৰোৱা চিকিৎসালয়খনত প্ৰধানমন্ত্ৰীয়ে শেষবাৰৰ বাবে তেওঁক সাক্ষাৎ কৰিছিল।
আনহাতে ১৮ জুনত মাতৃ হীৰাবেনক তেওঁৰ ১০০ বছৰীয়া জন্মদিন উপলক্ষে সাক্ষাৎ কৰি অভিনন্দন জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ সেইদিনটোত মাকৰ সৈতে প্ৰায় ৩০ মিনিট সময় অতিবাহিত কৰিছিল আৰু মাকৰ ভৰি ধুৱাই মিঠাই খুৱাই মাতৃৰ আশীৰ্বাদ লৈছিল।কিন্তু ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ ২৭ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাতে গুজৰাট ভ্ৰমণৰ বাবে মাতৃ হীৰাবেনক লগ কৰিছিল। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে সাবৰমতী নদীৰ অটল দলং উদ্বোধন কৰি খাদী উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাতৃৰ ওচৰত উপস্থিত হয়।
হীৰাবেনে গুজৰাটৰ গান্ধীনগৰৰ উপকণ্ঠ অঞ্চলৰ ৰাইছান গাঁৱত মোডীৰ কনিষ্ঠ ভাতৃ পংকজৰ সৈতে বাস কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃৰ ১০০ বছৰীয়া জন্মদিনত মাতৃলৈ এখন চিঠি লিখিছিল। চিঠিখনত লিখা আছিল যে মা, কেৱল এটা শব্দ নহয়। এইটোৱেই হৈছে জীৱনৰ অনুভৱ য’ত স্নেহ, ধৈৰ্য্য, বিশ্বাস, ইমানবোৰ কথা সন্নিবিষ্ট হৈ আছে। পৃথিৱীৰ যিকোনো কোণতেই বা যিকোনো দেশতেই নহওক কিয় প্ৰতিগৰাকী সন্তানৰ হৃদয়ত মাতৃৰ মৰম আটাইতকৈ মূল্যৱান । মায়ে কেৱল আমাক শৰীৰেই নহয় আমাৰ মন, আমাৰ ব্যক্তিত্ব, আমাৰ আত্মবিশ্বাসো গঢ়ি তোলে আৰু সন্তানৰ বাবে এই কাম কৰি থাকোঁতে তেওঁ নিজকে পাহৰি যায়।