ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছতে উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতে ৷ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে কূটনৈতিক আলোচনাৰ মাজেৰে এই পৰিস্থিতিৰ অৱসান ঘটাবলৈ দুয়োখন দেশলৈ আহ্বান জনাইছে ভাৰতে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনৰ মাধ্যমেৰে কথা পাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ফোনযোগে হোৱা আলোচনাৰ সময়তে মোদীয়ে তাৎক্ষণিকভাৱে হিংসাত্মক কার্য পৰিহাৰ কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি ভাৰতে ইউক্ৰেইনৰ পৰা ইয়াৰ নাগৰিকসকলৰ সুৰক্ষিত ভাৱে ওভতাই আনিবলৈ সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ কথাও উল্লেখ কৰে ৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কূটনৈতিক আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায় ৷ মোদীয়ে লগতে কয় “ৰাছিয়া আৰু নাটো গোটৰ মাজৰ ব্যৱধান কেৱল আন্তৰিক আলোচনাৰ মাজেৰেহে সমাধান কৰিব পৰা যাব ৷ ” ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী মোদীক ইউক্ৰেইন সম্পৰ্কীয় শেহতীয়া তথ্য অৱগত কৰে ৷ প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষা, বিশেষকৈ শিক্ষাৰ্থীসকলৰ সুৰক্ষা সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ বিষয়েও আলোচনা কৰে। তেওঁ কয় যে ভাৰতে তেওঁলোকক সুৰক্ষিতভাৱে ওভতাই অনাৰ বাবে সর্বাধিক গুৰুত্ব আৰোপ কৰিছে ৷