উত্তৰ প্ৰদেশৰ বিধানসভা নির্বাচনত এক বৃহৎ বিজয় সাৱ্যস্ত কৰিবলৈ কোনোধৰণৰ ত্ৰুটি ৰখা নাই বিজেপিয়ে ৷ বিজেপিৰ ৰথী- মহাৰথী নামি পৰিছে বিধানসভা নির্বাচনত ৷ প্ৰধানমন্ত্ৰীৰ পৰা মন্ত্ৰী সাংসদলৈকে সকলোৱে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে ৷ পৰৱর্তী পর্যায়ৰ ভোটগ্ৰহণক লৈ ব্যাপক তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি ৷ বিশেষকৈ বাৰাণসীৰ নির্বাচনক লৈ বিজেপিয়ে আৰম্ভ কৰিছে জোৰদাৰ প্ৰচাৰ ৷ আনকি এই প্ৰচাৰ অভিযানত নামি পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ৷ অহা ৩ মার্চৰ পৰা তিনিদিনৰ বাবে বাৰাণসীত থাকিব প্ৰধানমন্ত্ৰী মোদী ৷
ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চহৰখনত বিগত দুদিন ধৰি বাৰাণসীত প্ৰচাৰ চলাই ৷ কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যখনত বিজেপিৰ ভাৰপ্ৰাপ্ত ধৰ্মেন্দ্ৰ প্ৰধান এসপ্তাহ ধৰি বাৰাণসীত আছে ৷ অহা ৭ মাৰ্চত প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টি বাৰাণসীত ভোটগ্ৰহন অনুষ্ঠিত হ’ব ৷ জিলাখনৰ আঠখন বিধানসভা আসনৰ ভিতৰত আঠখন আসনত পুনৰ বিজয় সাৱ্যস্ত কৰিবলৈ পূর্ণ চেষ্টা চলাব ৷ আৰ এছ এছৰ জ্যেষ্ঠ নেতা অৰুণ কুমাৰেও যোৱা কেইদিনমান ধৰি বাৰাণসীত বাহৰ পাতি আছে।