বিধানসভা নির্বাচনৰ প্ৰচাৰলৈ গৈ পাঞ্জাৱত আজি এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰক অভিমুখে গৈ থকা অৱস্থাতে প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিলে পথ ৷ যাৰ ফলত গন্তব্য স্থান লাভ কৰাৰ প্ৰায় ৩০ কিল’মিটাৰ দুৰত্বত এখন উৰণীয়া সেতুঁৰ ওপৰত ১৫-২০ মিনিট সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হ’ল প্ৰধানমন্ত্ৰীৰ কনভয় ৷ ঘটনাৰ বিবৰণী অনুসৰি আজি পুৱা প্ৰধানমন্ত্ৰী ভাটিণ্ডাত বিশেষ বিমানেৰে অৱতৰণ কৰে ৷ ইয়াৰ পৰা তেওঁ হেলিকপ্টাৰেৰে হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকলৈ যোৱাৰ কথা আছিল ৷ কিন্তু বৰষুণৰ বাবে বতৰ পৰিষ্কাৰ নোহোৱাত প্ৰায় ২০ মিনিট অপেক্ষা কৰিবলগীয়া হয় তেওঁ ৷ বতৰৰ উন্নতি নোহোৱাত প্ৰধানমন্ত্ৰীয়ে পথৰ জৰিয়তে স্মাৰক পৰিদৰ্শন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পথেৰে স্মাৰকলৈ দুই ঘণ্টাতকৈ অধিক সময় ৰ প্ৰয়োজন হয় ৷ পঞ্জাৱ আৰক্ষীৰ ডি জি পিৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰয়োজনীয় নিশ্চিতিৰ পিছত পথেৰে ভ্ৰমণ কৰিবলৈ আগবাঢ়িছিল প্ৰধানমন্ত্ৰী ৷ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত, কনভয় এখন উৰণীয়া সেঁতুত উপস্থিত হোৱাৰ সময়তে প্ৰতিবাদকাৰীয়ে পথটো অৱৰোধ কৰে ৷ । যাৰ বাবে প্ৰধানমন্ত্ৰী ১৫-২০ মিনিটৰ বাবে ফ্লাইঅভাৰত আবদ্ধ হৈ পৰে । ইয়াৰ পাছতে বুধবাৰে ফিৰোজপুৰত অনুষ্ঠিত হ’বলগীয়া নৰেন্দ্ৰ মোদীৰ প্ৰথমখন ৰেলী বাতিল কৰা হয় ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এয়া এক ডাঙৰ ত্ৰুটি ৷ সমান্তৰালভাৱে পঞ্জাৱ চৰকাৰক দোষাৰোপ কৰি গৃহ মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰীৰ সময়সূচী আৰু ভ্ৰমণ পৰিকল্পনা আগতীয়াকৈ জনোৱা হৈছিল ৷ সেয়েহে ৰাজ্য চৰকাৰে নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিব লাগিছিল ৷