প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বহু প্ৰতিক্ষীত বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে আজি উদ্বোধন কৰে ৷ যাৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে ঔদ্যোগিক বিকাশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। প্ৰায় ১৪,৮৫০ কোটি টকা ব্যয় সাপেক্ষে ২৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত এই এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে।
২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।২৮ মাহৰ ভিতৰত এক্সপ্ৰেছৱেৰ নির্মাণৰ কাম সম্পূৰ্ণ হৈছে।
উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণৰ তত্বাৱধানত নিৰ্মাণ কৰা এই এক্সপ্ৰেছৱেই পৰৱৰ্তী সময়ত ছয়টা লেনলৈও সম্প্ৰসাৰণ কৰিব পাৰিব।
অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ উপৰিও এই এক্সপ্ৰেছৱেই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো এক বৃহৎ পৰিৱর্তন আনিব বুলি আশা কৰা হৈছে ৷ইতিমধ্যে এক্সপ্ৰেছৱেৰ কাষতে থকা বান্দা আৰু জালাউন জিলাত ঔদ্যোগিক কৰিডৰ সৃষ্টিৰ কাম আৰম্ভ হৈছে।