প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত সৃষ্টি হোৱা নিৰাপত্তাজনিত বিষয়টো এইবাৰ উত্থাপিত হৈছে উচ্চতম ন্যায়ালয়ৰ মজিয়াত ৷ জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে আজি পুৱা উচ্চতম ন্যায়ালয়ত এই সন্দর্ভত এখন আবেদন দাখিল কৰিছে ৷ এই আবেদনত তেওঁ কয় “ এয়া পঞ্জাৱ চৰকাৰৰ গুৰুতৰ ত্ৰুটি ৷ ইয়াৰ এক পুংখানুপুংখ তদন্তৰ প্ৰয়োজন। এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় সেয়া নিশ্চিত কৰিব লাগে ৷” ন্যায়ালয়ে কাইলৈ এই বিষয়টোৰ শুনানি গ্ৰহণৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্ৰচাৰলৈ গৈ পাঞ্জাৱত বুধবাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰক অভিমুখে গৈ থকা অৱস্থাতে প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে পথ ৷ যাৰ ফলত গন্তব্য স্থান লাভ কৰাৰ প্ৰায় ৩০ কিল’মিটাৰ দুৰত্বত এখন উৰণীয়া সেতুঁৰ ওপৰত ১৫-২০ মিনিট সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল প্ৰধানমন্ত্ৰীৰ কনভয় ৷
ইতিমধ্যে ৰাজ্যখনে এই ঘটনাৰ তদন্তৰ বাবে এটা উচ্চ-পৰ্যায়ৰ কমিটী গঠন কৰিছে ৷ তিনি দিনৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। পঞ্জাৱ চৰকাৰে গঠন কৰা দুজনীয়া কমিটীত আছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মেহতাব গিল আৰু গৃহ আৰু ন্যায় বিভাগৰ প্ৰধান সচিব অনুৰাগ বাৰ্মা ৷