প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনত নির্মাণ কৰা ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নৰ প্ৰতিকৃতি উন্মোচন কৰে।ব্ৰঞ্জৰে নিৰ্মিত এই ৰাষ্ট্ৰীয় প্ৰতীকটোৰ ওজন হৈছে ৯৫০০ কিল’গ্ৰাম ৷ ইয়াৰ উচ্চতা ৬.৫ মিটাৰ। নতুন সংসদ ভৱনৰ চাদত এই প্ৰকাণ্ড প্ৰতিকৃতি নির্মাণ কৰা হৈছে ৷ প্ৰতীকটো স্থিৰ কৰি ৰাখিবলৈ প্ৰায় ৬৫০০ কিলোগ্ৰাম ওজনৰ এটা সহায়ক তীখাৰ গঠন নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন নিৰ্মাণৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতেও মত বিনিময় কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰল্হাদ যোশী আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে।
নতুন সংসদ ভৱন প্ৰকল্পৰ বাবে চৰকাৰে ১২৫০ কোটি ব্যয় কৰিব। বাজেটত নিৰ্ধাৰিত ৯৭৭ কোটি ব্যয়ৰ তুলনাত এই ব্যয় ২৯ শতাংশ বৃদ্ধি পাইছে ৷চৰকাৰৰ অভিলাষী চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ উল্লেখযোগ্য দিশ হিচাপে পৰিগণিত হোৱা এই ভৱনটো নিৰ্মাণ কৰি আছে টাটা প্ৰজেক্টছে।
ৰাষ্ট্ৰপতি ভৱনৰ সমীপতে ১৩ একৰ ভূমিত এই প্ৰস্তাৱিত চাৰিমহলীয়া ভৱনটো প্ৰথমতে চলিত বৰ্ষত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বেই সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছিল। পিছত সময়সীমা অক্টোবৰলৈ সলনি কৰা হয়।