প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসমূহক ইন্ধনৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান জনাইছে ৷ সমগ্ৰ দেশৰ চহৰসমূহত ইন্ধনৰ মূল্য তালিকা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভেট হ্ৰাস কৰা ৰাজ্যসমূহত ইন্ধনৰ মূল্য কম। সংবিধানত সন্নিবিষ্ট সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় মনোভাৱৰ ওপৰত জোৰ দি তেওঁ কয় যে দেশখনে সেই মনোভাৱৰ জৰিয়তে ক’ভিডৰ বিৰুদ্ধে এক দীঘলীয়া যুঁজ দিবলৈ সক্ষম হৈছে ৷ চলিত “যুদ্ধসদৃশ পৰিস্থিতি”ৰ বাবে প্ৰভাৱ পৰা অৰ্থনৈতিক বিষয়সমূহৰ বাবেও একেধৰণে কাম কৰিবলৈ আহ্বান জনাইছে মোদীয়ে ৷
তেওঁ কয় “মই আপোনালোকক এটা সৰু উদাহৰণ দিওঁ। কেন্দ্ৰই যোৱা নৱেম্বৰত পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰিছিল ৷ যাতে নাগৰিকসকলৰ ওপৰত বোজা হ্ৰাস হয়। আমি ৰাজ্যসমূহক তেওঁলোকৰ কৰ হ্ৰাস কৰি সাধাৰণ লোকসকলক সকাহ দিবলৈ আহ্বান জনাইছিলো ৷ কিছুমান ৰাজ্যই কৰ হ্ৰাস কৰিছিল, কিন্তু কিছুমান ৰাজ্যই ইয়াৰ পৰা মানুহক কোনো লাভালাভ দিয়া নাছিল। ইয়াৰ ফলত, এই ৰাজ্যবোৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য উচ্চ হৈ আছে। এক প্ৰকাৰে, এয়া কেৱল এই ৰাজ্যসমূহৰ জনসাধাৰণৰ প্ৰতি অন্যায় নহয়, চুবুৰীয়া ৰাজ্যসমূহৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে ৷”
তেওঁ লগতে কয় “মই কাকো সমালোচনা কৰা নাই, কেৱল আলোচনা কৰিছো ৷ বিভিন্ন কাৰণত মহাৰাষ্ট্ৰ, পশ্চিম বংগ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কেৰালা আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহে ইন্ধনৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ সন্মত হোৱা নাছিল। যাৰ বাবে উচ্চ মূল্যৰ বোজা নাগৰিকৰ ওপৰত অব্যাহত আছে ৷ “