আজি দেশখনৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰানসীত ‘প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ সুস্থ ভাৰত যোজনা’ আঁচনি উদ্বোধন কৰে ৷ ৬৪হাজাৰ ১৮০কোটি টকা ব্যয়ৰ স্বাস্থ্যসেৱা সংক্ৰান্তীয় নতুন আঁচনিখন সমগ্ৰ দেশতে স্বাস্থ্যসেৱাৰ ভেটি সুদৃঢ় কৰাত সহায়ক হ’ব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়৷
ইয়াৰ ওপৰিও মন্ত্ৰী গৰাকীয়ে নিজৰ লোকসভা সমষ্টি বাৰানসীত ৫২০০ কোটিতকৈয়ো অধিক টকাৰ অন্যান্য কেইবাখনো উন্নয়নমূলক আঁচনি উদ্বোধন কৰে৷
‘পি এম এ এচ বি ৱাই’ আঁচনি খনৰ অধীনত দেশৰ ১০খন লেখত ল’বলগীয়া ৰাজ্যৰ ১৭,৭৮৮টা গ্ৰাম্য স্বাস্থ্য সেৱা সাঙুৰি লোৱাৰ লগতে অতি কমেও ১১০২৪টা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সাঙুৰি লোৱা হ’ব৷
আনহাতে ৫,০০০০০ৰ অধিক জনসংখ্যা থকা জিলাসমূহত জৰুৰীকালীন স্বাস্থ্য সেৱা কেন্দ্ৰৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
আনহাতে দেশত ১০০ কোটি ভেকচিন প্ৰদান কৰিবলৈ সমৰ্থ হোৱাৰ বাবে দেশবাসীক পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷