বিজেপি আৰু কেইবাটাও শাসকীয় দলৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনত দক্ষিণ ভাৰতৰ চাৰিখন ৰাজ্য ভ্ৰমণ কৰিব ৷ এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি ২৫,০০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ছমাহতকৈয়ো কম সময় বাকী থকা সময়ত আৰু কেইবাখনো ৰাজ্যৰ কেন্দ্ৰই নিযুক্তি দিয়া ৰাজ্যপাল আৰু শাসকীয় দলৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে তাৎপৰ্য লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ লক্ষ্য দেশৰ বিকাশ বুলি উল্লেখ কৰিলেও কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক প্ৰতিহত কৰাৰ প্ৰয়াস যেন অনুভৱ হৈছে ৷ দক্ষিণ ভাৰতৰ পৰা আৰম্ভ কৰা এই যাত্ৰাই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷
আজি বাংগালুৰুত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীয়ে ২ দিনত কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ভ্ৰমণ কৰিব ৷
শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে দক্ষিণ ভাৰতৰ প্ৰথমখন বন্দে ভাৰত ৰে’ল — বেংগালুৰুৰ ক্ৰান্তিবীৰা সাংগোলি ৰায়ন্না (কে এছ আৰ) ৰে’লৱে ষ্টেচনত মুকলি কৰে ৷ চেন্নাই-মহীশূৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছখনে চলাচল কৰিব ৷ ইয়াৰ পিছত তেওঁ বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ উদ্বোধন কৰে ৷ বিমানবন্দৰত কেম্পেগৌড়াৰ ১০৮ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিও তেওঁ উন্মোচন কৰে।
তামিলনাডু — বিৰোধী শাসিত গুৰুত্বপূৰ্ণ ৰাজ্য য’ত বাৰে বাৰে চেষ্টা কৰাৰ পিছতো বিজেপিয়ে কোনো লাভ কৰা নাই ৷ শনিবাৰে প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১০,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ ৰামগুণ্ডমত ৯৫০০ কোটিতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷