পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা ভংগ হোৱা সন্দর্ভত প্ৰতিবেদন দাখিল কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দু মালহোত্ৰাৰ নেতৃত্বত গঠিত পাঁচজনীয়া কমিটীয়ে ৷ প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীৰ সুৰক্ষাৰ ক্ষেত্ৰত পঞ্জাৱ আৰক্ষীৰ যথেষ্ট ত্ৰুটি ৰৈ গৈছিল ৷ প্ৰাক্তন ন্যায়াধীশ ইন্দু মালহোত্ৰাৰ নেতৃত্বত গঠিত পাঁচজনীয়া কমিটীয়ে ফিৰোজপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।
এই সন্দর্ভত উচ্চতম ন্যায়ালয়ে আজি কয়, “ফিৰোজপুৰৰ এছ এছ পিয়ে আইন-শৃংখলা বজাই ৰখাৰ কৰ্তব্য পালন কৰাত ব্যৰ্থ হ’ল। পৰ্যাপ্ত জোৱান উপলব্ধ হোৱাৰ লগতে দুঘণ্টা পূৰ্বে তেওঁক জনোৱা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেই পথত প্ৰৱেশ কৰিব ৷ তৎসত্বেও তেওঁ এই কামত ব্যৰ্থ হৈছিল।”
মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন এখন বিচাৰপীঠে কয় যে পাঁচজনীয়া কমিটীয়ে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে। আদালতে কয় যে আমি কেন্দ্ৰলৈ এই প্ৰতিবেদন প্ৰেৰণ কৰিম যাতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়।
উল্লেখ্য যে ৫ জানুৱাৰীত নিৰ্বাচনী সমাৱেশৰ বাবে ফিৰোজপুৰলৈ গৈ থকা প্ৰধানমন্ত্ৰী মোদীক হুছেইনীৱালাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত থকা এখন ফ্লাইঅভাৰত প্ৰতিবাদী কৃষকে আৱদ্ধ কৰি ৰাখে ৷ প্ৰায় ২০ মিনিটৰ বাবে আৱদ্ধ হৈ পৰিছিল প্ৰধানমন্ত্ৰীৰ কনভয় ৷
এই ঘটনাক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা হৈছিল ৷ বিজেপিয়ে কংগ্ৰেছ নেতৃত্বাধীন পঞ্জাৱ চৰকাৰক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে “হত্যাৰ ষড়যন্ত্ৰ”ৰ অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে এখন কমিটী নিযুক্ত কৰি এই ঘটনাটোত কোনোধৰণৰ অপৰাধমূলক ষড়যন্ত্ৰ আছে নেকি সেয়া তদন্ত কৰিবলৈ নির্দেশ দিয়ে ৷ তদন্তৰ সৈতে জড়িত বিষয়াসকলৰ মতে, বিশেষ সুৰক্ষা গোট (এছ পি জি)ৰ জোৱান, পঞ্জাৱ আৰক্ষীৰ জোৱান আৰু লগতে প্ৰত্যক্ষদর্শীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে।