VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

'কেঁচা ভূঁইৰ কঁপনি' উন্মোচন কৰি ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী―

voicedesk by voicedesk
December 8, 2023
in মুখ্য সংবাদ
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস
0
SHARES
68
VIEWS
Share on FacebookShare on Twitter

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ আজি উন্মোচন কৰা হয়। গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়― ”সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাসৰ বিষয় মানুহৰ সমস্যাৰ পৰিৱৰ্তে ঐতিহাসিক অথবা নগৰ কেন্দ্ৰিক হোৱা দেখা যায়। এটা সময়ত অসমীয়া উপন্যাসত যিদৰে অসমৰ গ্ৰাম্য সমাজৰ মানুহৰ সুখ-দুখ, সমস্যা প্ৰতিফলিত হৈছিল,তেনে প্ৰতিফলন আজিৰ উপন্যাসত দেখা নাযায়। তাৰ বিপৰীতে ৰঞ্জিত পাটগিৰিয়ে তেওঁৰ প্ৰথমখন উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ৰ জৰিয়তে আমাৰ অসমীয়া সমাজ এখনৰ সমস্যা আৰু সামাজিক ব্যৱস্থাক প্ৰতিফলিত কৰিছে।” উপন্যাসখন পঢ়ুৱৈ সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। ‘কেঁচা ভূঁইৰ কঁপনি’ৰ কাহিনীৰ বিষয়ে উল্লেখ কৰি লগতে দেৱ চৌধুৰীয়ে কয়― “ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰি ৰঞ্জিতে বিশ্বাসযোগ্যভাৱে আমাক পতিয়ন নিয়াইছে যে গ্ৰাম্য জীৱনৰ জীয়া অভিজ্ঞতা তেওঁৰ সংবেদনশীল কবি মনটোত ক’ৰবাত সজীৱ হৈ আছে। লেখকে বাস্তৱ জীৱনৰ পৰা অর্জন কৰা অভিজ্ঞতাৰ ভিত্তিত উপন্যাসখন ৰচনা কৰিছে। সেয়েহে এই উপন্যাসখনত পঢ়ুৱৈয়ে নিজৰ আবেগ-অনুভূতিৰ প্ৰকাশ দেখা পাব আৰু একাত্মবোধ কৰিব। উপন্যাসখন পঢ়ি থকাৰ সময়ত পঢ়ুৱৈয়ে উপলব্ধি কৰিব, যেন তেওঁলোকে এখন কাল্পনিক উপন্যাস পঢ়া নাই, পাগলাদিয়া পাৰৰ গাঁও এখন চকুৰ সমুখত ভাঁহি উঠিব। উপন্যাসখন পঢ়ি থকাৰ সময়ত এনে লাগিব যেন চিনাকি নৈৰ পাৰ অথবা গাঁৱলীয়া বাটত বিচৰণ কৰিছে এহাল প্ৰেমিক-প্ৰেমিকাই। এই উপলব্ধিৰ উপহাৰ এজন লেখকৰ বাবে কম কৃতিত্ব নহয়৷” উল্লেখযোগ্য যে, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে উপন্যাসখনত এটা দীঘলীয়া পাতনিও লিখিছে। লগতে বিশিষ্ট সাহিত্যিক তথা ‘সাদিন’,’সাতসৰি’ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়েও গ্ৰন্থখনৰ পাতনি লিখিছে। পাতনিত শৰ্মা পূজাৰীয়ে উল্লেখ কৰিছে― “কেঁচা ভূঁইৰ কঁপনি নামৰ উপন্যাসখনে অসমীয়া সমাজ এখনৰ সামাজিক ব্যৱস্থা আৰু জীৱন চেতনাক প্ৰতিফলিত কৰিছে। উপন্যাসখন সহজ-সৰল জীৱনৰ এক চিত্ৰ পট। ভাষা সৰল আৰু সুখপাঠ্য। এনে আৰু সামাজিক উপন্যাস সৃষ্টি হওঁক।” পাণবজাৰৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘অসম পাবলিচিং কোম্পানী’য়ে গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। প্ৰকাশক সঞ্জয় সান্যালেও গ্ৰন্থখন পঢ়ি পাঠকে এক বিশেষ সুখানুভূতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। ইফালে ‘কেঁচা ভূঁইৰ কঁপনি’ সন্দৰ্ভত ৰঞ্জিত পাটগিৰিয়ে কয়― “কিছুমান কথা কবিতাৰে ক’ব নোৱাৰি। বহু কাহিনী কবিতাত বৰ্ণাব নোৱাৰি। অথচ, তেনেবোৰ কথা-কাহিনী ক’বলৈ বৰকৈ মন যায়। তেনে কেতবোৰ কাৰণতে এই উপন্যাসখন লিখিবলগীয়া হ’ল। চলিত শতিকাৰ আৰম্ভনি সময়ৰ সামাজিক অস্থিৰতা, ৰাজনৈতিক পৰিৱেশ, সমাজ পৰিৱৰ্তন, নৈপৰীয়া জীৱনৰ দুখ-দুৰ্দশা, প্ৰেম-ভালপোৱা আদি বিষয় সামৰি উপন্যাসখন ৰচনা কৰা হৈছে।” অতি সহজ-সৰল ভাষাত লিখা উপন্যাসখন পাঠক সমাজে আদৰি ল’ব বুলি তেওঁ আশা কৰিছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কাব্য চর্চা অব্যাহত ৰখা ৰঞ্জিত পাটগিৰিৰ ইতিপূর্বে চাৰিখনকৈ কবিতা পুথি প্ৰকাশ হৈছে। ‘কেঁচা ভূঁইৰ কঁপনি’ তেওঁৰ প্ৰথমখন উপন্যাস। আজিৰ এই উন্মোচনী অনুষ্ঠানত অসীমা দেৱ চৌধুৰীও উপস্থিত থাকে।

Previous Post

জালুকবাৰী থানাত আৰক্ষীৰ জিম্মাত ব্যক্তিৰ মৃত্যু ঘটনা

Next Post

এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন

এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7