অসমৰ কাব্যজগতলৈ এক সুখবৰ ৷ বৰ্তমান সময়ত অসমৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিষ্ঠিত কবি নীলিম কুমাৰ ৷ কবি নীলিম কুমাৰৰ কবিতাৰ অনুৰাগী নৱপ্ৰজন্মৰো প্ৰতিজন কাব্যপ্ৰেমী ৷ অসমৰ কাব্যিক জগতত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা এই কবিগৰাকীৰ কবিতাক এইবাৰ আঁকোৱালি ল’লে বাংলা কাব্য জগতেও ৷
উল্লেখনীয় যে কলিকতাৰ ‘সহচৰ’ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হ’ল বিশিষ্ট বাংলা কবি বাসুদেৱ দাসৰ দ্বাৰা অনুদিত পঞ্চাশটা কবিতা ৷ ‘একটি আইসক্ৰিম থেকে একজন কবিৰ জন্ম হয়েছিল’ শীৰ্ষক অনুদিত কাব্যপুথি খনৰ আকৰ্ষণীয় বেটুপাতেও আকৰ্ষিত কৰিছে প্ৰতিজন কাব্যপ্ৰেমিক ৷
অসমৰ জনপ্ৰিয় কবিগৰাকীৰ প্ৰশংসা কৰি কাব্যপুথি খনৰ পাতনিত বাংলা কবি বাসুদেৱ দাসে লিখিছে যে নীলিম কুমাৰৰ এই পঞ্চাশটি কবিতা বাংলাপাঠক সকলেও ভালপাব বুলি তেওঁ অনুভৱ কৰিছে ৷ এজন অসমীয়া কবি যি এসময়ত এজন বাংলা কবি আছিল ভাৰতীয় হোৱাৰ সেই অনুভৱ , আকৌ এজন মাৰাঠী কবি যি আছিল প্ৰকৃততে এজন কন্নড় কবি, ভাৰতীয় হোৱাৰ সেই মহানতাক এইবাৰ তেওঁ যেন আকৌ এবাৰ গভীৰ ভাৱে অনুভৱ কৰিছে নীলিম কুমাৰৰ কবিতা পঢ়ি ৷তেওঁ লিখিছে যে নীলিম প্ৰথমতে এজন অসমীয়া কবি আৰু তাৰ পিছত তেওঁ এজন ভাৰতীয় কবি ৷ সৰ্বশেষত তেওঁ এজন কবি ,যি কবিৰ নাথাকে কোনো দেশ ,কোনো সময় ,সেয়েহে কবিয়ে সময়ে সময়ে অতিক্ৰম কৰিব লাগে সীমান্ত ৷ নীলিম কুমাৰ আগবাঢ়িছে সেই সীমান্ত অতিক্ৰম কৰি ৷