কাব্যঋষি প্ৰয়াত নীলমণি ফুকনৰ ৯১ সংখ্যক ওপজা দিন। আজি ওপজা দিনত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে বিশিষ্ট কবি গৰাকীক ৷ কাব্যঋষিৰ ওপজা দিনত তেওঁৰ সপোন বাস্তৱায়িত কৰিবলৈ আজি বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে গোলাঘাটত ৷ কবি গৰাকীৰ ইচ্ছা অনুসৰি তেওঁৰ ওপজা ঠাইখন সোণাৰু ফুলেৰে নতুনকৈ সজাই তোলাৰ প্ৰয়াস কৰা হৈছে ৷
গোলাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰম্ভ কৰা হৈছে এই কার্যসূচী ৷ সৃজনম নামৰ এটা বেচৰকাৰী সংস্থাই আজিৰে পৰা সোণাৰু ফুল ৰোপনৰ এই কাম আৰম্ভ কৰিছে ৷ এই কার্যসূচীত উপস্থিত থাকে বিধায়ক মৃণাল শইকীয়াই ৷ বিধায়ক গৰাকীয়ে সোণাৰু গছপুলি ৰোপণেৰে এই কার্যসূচী আৰম্ভ কৰা হ’ব ৷বিধায়ক গৰাকীয়ে কয় – “তেওঁৰ এটা সুন্দৰ সপোনা আচিল ৷ বহুতে ঘৰ-বাৰী নির্মানৰ সপোন দেখে ৷ কিন্তু কবিগৰাকীয়ে দেৰগাঁও সোণাৰু ফুলেৰে সজাই পৰাই তোলাৰ সপোন দেখিছিল ৷ নিশ্চয় এদিন সেই সপোন পুৰণ হ’ব ৷”
ইতিমধ্যে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়েও ঘোষণা কৰিছিল যে উক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ কাষত সোণাৰু ফুল ৰোপণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে ৷ সৃজনমে আজিৰ পৰা এই কার্যসূচী আৰম্ভ কৰিছে ৷ আজি সঋজনমৰ উদ্যোগত ৯১ জোপা গছপুলি ৰোপণ কৰা হৈছে ৷