গুৱাহাটীত ভূমি নথিপত্ৰ কেলেংকাৰীৰ তদন্ত অব্যাহত আছে । দালাল, অধিবক্তা, কম্পিউটাৰ সহায়কক গ্ৰেপ্তাৰ কৰা হৈছে এই গোচৰত ৷ নাম সাঙোৰ খাইছে ইজনৰ পাছত সিজন চৰকাৰী কৰ্মচাৰীৰ ৷ শনিবাৰে দিছপুৰ ভূমি নথিপত্ৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলজন বাপধন দাস। দুদিন পূৰ্বে আৰক্ষীয়ে জেৰা চলাইছিল বাপধন দাসক। দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নথি জালিয়াতিত বাপধন দাস জড়িত থকাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে লাট মণ্ডল জনক ৷
উল্লেখযোগ্য যে, যোৱা ৭ নৱেম্বৰত এজন লোকে মাটি কিনাৰ পাছত তেওঁৰ দলিলত কেতবোৰ বিসংগতি দেখি আৰক্ষীৰ কাষ চাপিছিল ৷পৰৱৰ্তী সময়ত বশিষ্ঠ থানাৰ ৬৯৫/২৩ নং গোচৰৰ আধাৰতেই পলাশবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল তাপস চৌধুৰীক। সাধাৰণ অপৰাধীক সোধা-পোছা কৰাৰ দৰেই জেৰা আৰম্ভ কৰি আৰক্ষীয়ে তাপসৰ ভাষ্যৰ আঁত ধৰি মহানগৰীৰ লালমাটিত থকা তাপসৰ কাৰ্যালয়ত অভিযান চলায় ৷ ইয়াৰ পাছতে জালত পৰিছে এজনৰ পাছত আন এজন কর্মচাৰী ৷