লখিমপুৰৰ বঙালমৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে স্থানীয় লোকে ৷এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি বঙালমৰাৰ ২ নম্বৰ আহমেদপুৰৰ দলনিপাৰাত ছাদ্দাম হুছেইন নামৰ এজন ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ গৈছিল লখিমপুৰ আৰক্ষী ৷ যোৱা নিশা এই অভিযানৰ সময়তে ছাদ্দামৰ পৰিয়ালৰ লগতে স্থানীয় একাংশ লোকে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে ৷ অসামৰিক পোছাকত যোৱা আৰক্ষীৰ দলটোৱে স্থানীয় লোকৰ আক্ৰমণৰ বাবে সেই স্থান ত্যাগ কৰিবলগীয়া হয় ৷ বহুকেইজন আৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে ৷
ইয়াৰ পাছতে গাওঁখনৰ অর্ধশতাধিক লোকক আটক কৰে বিহপুৰীয়া আৰক্ষীয়ে ৷ আজি পুৱাৰে পৰা গাঁওখনৰ লোকসকলক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷