কেৰেলাৰ এক ৰাজনৈতিক সমাৱেশত এটি শিশুৱে ঘৃনামূলক শ্লোগান দিয়া কার্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইণ্টাৰনেটত শিশুটিৰ ভিডিঅ” ভাইৰেল হোৱাৰ পাছতে সকলোৱে এই কার্যক গৰিহণা দিছে ৷ যোৱা সপ্তাহত অনুষ্ঠিত হৈছিল এই ৰাজনৈতিক সমাৱেশ ৷ ইয়াৰ পাছতে কেৰেলা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ৷ কেৰেলা উচ্চ ন্যায়ালয়ে ৰাজনৈতিক আৰু ধৰ্মীয় সমাৱেশত শিশুক ব্যৱহাৰ কৰাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছে।যোৱা সপ্তাহত উপকূলীয় আলাপ্পুজাত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াই আয়োজন কৰা সমদলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত শিশুটিয়ে এজন লোকৰ কান্ধত বহি কেৰেলাৰ হিন্দু আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে ঘৃণামূলক শ্ল’গান দিয়া দেখা গৈছিল ৷
সোমবাৰে বিষয়টোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ গোপীনাথে কয় “তেওঁলোকে মনত ধৰ্মীয় ঘৃণা লৈ ডাঙৰ হোৱা এটা নতুন প্ৰজন্মক লালন-পালন কৰা নাইনে? যেতিয়া এই শিশুটি ডাঙৰ হ’ব আৰু প্ৰাপ্তবয়স্ক হ’ব, তেতিয়া তেওঁৰ মনত সদায় এনেধৰণৰ চিন্তাই দোলা দি নাথাকিবনে ? কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব ৷” ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষাৰ আয়োগে কেৰেলা আৰক্ষীক এফআইআৰ পঞ্জীয়নৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল ৷ গোচৰ ৰুজু হোৱাৰ পিছত এজন ব্যক্তিক জিম্মাত লোৱা হৈছে। ব্যক্তিজনৰ ঘৰ কোট্টায়মৰ এৰাট্টুপেটাৰত । সন্দেহ কৰা হৈছে যে তেওঁ শিশুটিক ৰেলীলৈ লৈ আহিছিল।এই সন্দৰ্ভত আৰক্ষীয়ে পি এফ আই আলাপপুজা জিলা সভাপতি নৱাছ বন্দনম আৰু জিলা সম্পাদক মুজিবৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে।
এই ঘটনাক গৰিহণা দি কংগ্ৰেছ নেতা শশী থাৰুৰে টুইট কৰি কয়,”এই অনুষ্ঠানৰ ভিডিঅ’ আৰু সংবাদ মাধ্যমৰ বাতৰিয়ে কেৰেলাক স্তম্ভিত কৰি তুলিছে। ঘৃণামূলক ভাষণ আৰু ভয়-ভাবুকি দিয়া শ্লোগানবোৰ ইয়াৰ আঁৰৰ ৰাজনীতি বা ব্যৱহাৰ কৰাসকলৰ ধৰ্ম নিৰ্বিশেষে দুখজনক। “