ভুৱা উপায়ুক্ত নহয়, এইবাৰ ওলাইছে ভুৱা টিটিই ৷ টিকট পৰীক্ষাৰ নামত ৰে’লযাত্ৰীক হাৰাশাস্তি কৰাৰ লগত ধন লুণ্ঠন কৰি আৰক্ষীৰ জালত পৰিছে এজন যুৱক ৷ যুৱকজনৰ নাম হৈছে পাপ্পু দাস ৷ শিলচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা টিটিইজনক ৷
বিভিন্ন ৰে’লত পাপ্পুৱে যাত্ৰীসকলক টিটিই বুলি পৰিচয় দিছিল আৰু টিকট পৰীক্ষা কৰিছিল ৷ যদি কোনো যাত্ৰীৰ হাতত টিকট নাথাকে তেনেহ’লে পইচা বিচাৰিছিল পাপ্পুৱে ৷ এনেদৰে ৰে’লযাত্ৰীৰ পৰা তেওঁ ব্যাপক পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল ৷ কিন্তু অতি কৌশলেৰে ধন লুটি অহা পাপ্পুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
আনহাতে, গ্ৰেপ্তাৰ হোৱাৰ পাছত পাপ্পুৱে আৰক্ষীৰ আগত সদৰী কৰা অনুসৰি ৰে’ল বিভাগৰ চাকৰিৰ বাবে পৰীক্ষা দি ব্যর্থ হোৱা বাবে তেওঁ চখ পুৰণ কৰিবলৈ টিটিইৰ ভাওঁ ধৰিছিল ৷ কিন্তু যিয়েই নকঁওক তেওঁৰ প্ৰৱঞ্চনাৰে ধন লুট কৰাটোৱেই যে উদ্দেশ্য আছিল সেয়া স্পষ্ট হৈ পৰিছে ৷