কলকাতা আৰক্ষীয়ে মঙলবাৰে নিশা জনপ্ৰিয় গায়ক কে কেৰ আকস্মিক মৃত্যুৰ সৈতে জড়িত এক অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পাছতে তেওঁৰ নশ্বৰদেহ লৈ যোৱা হ’ব মুম্বাইলৈ ৷ ইয়াৰ মাজতে কালি অনুষ্ঠিত সংগীতানুষ্ঠানৰ মাজত কেনেদৰে তেওঁ অসুস্থ হৈ পৰিছিল তাৰ বিভিন্ন তথ্য পোহৰলৈ আহিছে ৷ বিশেষকৈ তেওঁ অনুষ্ঠান পৰিৱেশন কৰা প্ৰেক্ষাগৃহটোত নাছিল পর্যাপ্ত বাতানুকুল ব্যৱস্থা ৷ আনকি প্ৰেক্ষাগৃহটোৰ আসনতকৈ অধিক দর্শকক অনুষ্ঠান উপভোগ কৰিবলৈ অনুমতি দিয়া হৈছিল ৷
কে কেৰ শ্ব’ৰ বাবে ৩ হাজাৰৰো অধিক লোক সমবেত হৈছিল যদিও প্ৰেক্ষাগৃহটোত প্ৰায় ২০০০ লোকৰহে আসন আছিল । শ্ব’টোৰ ভিডিঅ’বোৰত দেখা গৈছিল যে কে কেয়ে অহৰহ ঘাম মচি এয়াৰ কণ্ডিচনাৰ মেচিনবোৰলৈ আঙুলিয়াই আছিল।বাৰে বাৰে স্পট লাইট বন্ধ কৰিবলৈ আহ্বান জনাইছিল ৷ ইয়াৰ পাছতে তেওঁ অত্যাধিক অস্বস্তি অনুভৱ কৰাত কার্যসুচী আধাতে সামৰি হোটেললৈ ৰাওনা হৈছিল ৷ কে কেৰ মেনেজাৰ ৰিতেশ ভাটে কয় যে হোটেললৈ উভতি অহাৰ সময়ত গায়কজনে গাড়ীত অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ভাটে কয় “তেওঁ অত্যন্ত ঠাণ্ডা অনুভৱ কৰা বুলি কয় আৰু ড্ৰাইভাৰক এ চি বন্ধ কৰিবলৈ কয়। আনকি হোটেলত উপস্থিত হোৱাৰ পিছত অনুৰাগীৰ সৈতে ফটোৰ বাবে পোজ দিয়াৰ লগতে অটোগ্ৰাফো দিয়ে৷ কিন্তু নিজৰ কোঠাত উপস্থিত হৈ তেওঁ মজিয়াত ঢলি পৰে ৷ “ ইয়াৰ পাছতে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত ঘোষণা কৰা হয় ৷
হোটেলখনত ফৰেনছিক দল উপস্থিত হৈছে আৰু আৰক্ষীয়ে হোটেলখনৰ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিছে ৷ সংবাদ মাধ্যমৰ এটা অংশই প্ৰকাশ কৰা অনুসৰি কে কেক চিকিৎসালয়লৈ নিয়াৰ সময়ত মূৰ আৰু মুখত আঘাতৰ চিন আছিল । চিকিৎসালয়ৰ এগৰাকী বিষয়াই এই কথা অসত্য বুলি জানিবলৈ দিয়ে।
ইতিমধ্যে শিল্পী গৰাকীক বিমানবন্দৰত ৰাজ্যিক মর্যাদা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীয়ে ৷ কে কেৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ পূৰ্বে হাস্পতাললৈ গৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাসকলৰ ভিতৰত আছিল কণ্ঠশিল্পী উষা উথুপ।