অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে দিপাৱলীৰ উপলক্ষ্যে নিৰ্দেশনা জাৰি কৰিছে। এইবাৰ দিপাৱলীত কেৱল নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত থলুৱা ভাৱে নিৰ্মিত সেউজ আতচবাজীহে ব্যৱহাৰ কৰিব পাৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই নিৰ্দেশ দিছে।
প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ থলুৱা আতচবাজীৰ বাহিৰে অন্য আতচবাজীৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ইয়াৰ উপৰিও ছট পূজাত পুৱা ৬ বজাৰ পৰা ৮ বজালৈ আৰু বৰদিন, নতুন বছৰ উৎযাপনত নিশা ১১.৫৫ বজাৰ পৰা ১২.৩০ বজালৈকেহে আতচবাজী ফুটোৱাৰ অনুমতি জাৰি কৰিছে।
বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদুষণত পৰিৱেশ বিনষ্ট কৰা আতচবাজীৰ ওপৰত এই নিষেধজ্ঞা নিশ্চিত ভাৱে আদৰণীয়।