২০১৩ চনত ‘নাছা’ ছবিৰ জৰিয়তে অভিষেক ঘটাৰ পাছত কেইবাটাও বিতর্কৰে চর্চালৈ অহা অভিনেত্ৰী পুনম পাণ্ডে আৰু নাই ৷ শুকুৰবাৰে পুৱা আহিল অভাৱনীয় বেয়া খবৰ। ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু হয় ৩২ বছৰীয়া অভিনেত্ৰী পুনম পাণ্ডেৰ। অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এই কথা সদৰী কৰা হৈছে ৷
‘জি এছ টি’, ‘দ্য জাৰ্নি অৱ কৰ্মা’ আদি হিন্দী ছবিতো তেওঁক দৰ্শকে দেখিবলৈ পাইছিল । ইয়াৰ উপৰিও তেওঁ ‘লাভ ইজ পইজন’, ‘মালিনি এণ্ড কো’ৰ দৰে দক্ষিণৰ ছবিত অভিনয় কৰিছিল। কিন্তু মূলসুঁতিৰ ছবিত পুনমে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যৰ্থ হয়। পিছলৈ তেওঁ সৰু পৰ্দাত ৰিয়েলিটি শ্ব’ ‘ফিয়াৰ ফেক্টৰ’ আৰু ‘লকআপ’ত অংশগ্ৰহণ কৰে।
অৱশ্যে বিভিন্ন সময়ত অভিনেত্ৰী গৰাকীয়ে কৰা বিতর্কিত মন্তব্যৰ বাবে তেওঁ প্ৰায়ে চর্চালৈ আহিছিল ৷ ছছিয়েল মিডিয়াতো তেওঁ আছিল জনপ্ৰিয় ৷ অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰামৰ পৰা কৰা পোষ্টত লিখা আছে, “অতি দুখৰ সৈতে আমি জনাওঁ যে আমাৰ মৰমৰ পুনমক জৰায়ুৰ কৰ্কট ৰোগত হেৰুৱাইছো। এই শোকৰ সময়ত আমি সকলো গোপনীয়তা বিচাৰো। আমি তেওঁক মৰমেৰে স্মৰণ কৰিম।”
যোৱা বছৰৰ মাজভাগত মুম্বাইত অভিনেত্ৰীগৰাকীৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হৈছিল। তেওঁৰ ফ্লেটটো ক্ষতিগ্ৰস্ত হৈছিল। কিন্তু পুনমৰ কোনো ক্ষতি হোৱা নাছিল। তেওঁ কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কোনো গোপন কথা ৰখা নাছিল। কিন্তু পুনমৰ জৰায়ুত কেন্সাৰ হোৱা খবৰটো বহুতৰে অজ্ঞাত আছিল। গতিকে শুকুৰবাৰে পুৱা অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে তেওঁৰ অনুৰাগীক হতচকিত কৰিছে।
উত্তৰ প্ৰদেশৰ নিজৰ গাঁৱৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে পুনমে। তাতেই শেষকৃত্য সম্পন্ন কৰা হ’ব অভিনেত্ৰীগৰাকীৰ।