‘কুইন অৱ ৰক এন ৰোল’ গায়িকা টিনা টাৰ্নাৰৰ দেহাৱসান ঘটিছে ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। বুধবাৰে ছুইজাৰলেণ্ডৰ জুৰিখত থকা নিজৰ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অন্ত্ৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল টিনা। ২০১৬ চনত কলন কেন্সাৰ ধৰা পৰিছিল। ২০১৭ চনত তেওঁৰ কিডনী ট্ৰান্সপ্লাণ্ট কৰা হৈছিল।
১৯৩৯ চনৰ ২৬ নৱেম্বৰত টেনেচিৰ নুটবুছত জন্মগ্ৰহণ কৰিছিল টিনাৰ। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল আন্না মাই বুলক। আন্না ওৰফে টিনাই ষাঠিৰ দশকৰ পৰা পপ শিল্পী হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল। স্বামীৰ সৈতে বিচ্চেদ হোৱাৰ পিছত তেওঁ বিভিন্ন প্ৰতিকূলতাৰ সন্মুখীন হ’বলগীয়া হয়।
৮০ ৰ দশকত ইটোৰ পিছত সিটোকৈ ছুপাৰ হিট গীত দৰ্শকক উপহাৰ দিয়ে। তেওঁৰ “ৱাটছ লাভ গট টু ডু উইথ ইট”, “প্ৰাইভেট ডান্সাৰ”, “চিম্পলি দ্য বেষ্ট”ৰ দৰে ছুপাৰ হিট গীত আছে। তেওঁৰ গীতৰ ১ কোটি ৮০ লাখৰো অধিক এলবাম বিক্ৰী হৈছে। তেওঁ জীৱনকালত ১২টা গ্ৰেমী বঁটা লাভ কৰিছিল। তেওঁৰ জীৱনীৰ ভিত্তিত এখন চিনেমাও নিৰ্মাণ কৰা হৈছিল – “ৱাটছ লাভ গট টু উইথ ইট”। ‘টিনা – দ্য টিনা টাৰ্নাৰ মিউজিকেল’ নামৰ ব্ৰডৱেৰ মিউজিকেল এখনো তেওঁৰ জীৱনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।