VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰ পিএফআইৰ বিৰুদ্ধে পুনৰ দেশজুৰি চলিল অভিযানঃ কামৰূপ-বৰপেটা-বাক্সা-ধুবুৰীত অভিযান চলাই ২৫ জনক আটক

voicedesk by voicedesk
September 27, 2022
in মুখ্য সংবাদ
পুনৰ পিএফআইৰ বিৰুদ্ধে পুনৰ দেশজুৰি চলিল অভিযানঃ কামৰূপ-বৰপেটা-বাক্সা-ধুবুৰীত অভিযান চলাই ২৫ জনক আটক
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া  চমুকৈ পিএফআইৰ বিৰুদ্ধে আজি পুনৰ দেশজোৰা অভিযান আৰম্ভ হৈছে ৷ নেচনেল ইনভেষ্টিগেচন চমুকৈ ‘নিয়া’ আৰু এনফর্চমেণ্ট সঞ্চালকালয়ে দ্বিতীয়  পর্যায়ৰ অভিযান আৰম্ভ কৰিছে ৷ ইয়াৰ পূর্বে চলোৱা অভিযানত দেশজুৰি ১০০ ৰো অধিক পিএফআই নেতাক গ্ৰপ্তাৰ কৰা হৈছিল ৷ তদন্তকাৰী সংস্থাটোৱে  মধ্যপ্ৰদেশ, কৰ্ণাটক, অসম, দিল্লী, মহাৰাষ্ট্ৰ, তেলেংগানা, আৰু উত্তৰ প্ৰদেশত অভিযান চলাইছে।

পিএফআইয়ে সন্ত্ৰাসবাদীক পুঁজি প্ৰদান কৰা, মুছলমান যুৱক-যুৱতীসকলক অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰা, সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ তেওঁলোকক উৎসাহিত  তোলাৰ অভিযোগ উত্থাপিত কৰা হৈছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

অসমত  আৰক্ষীয়ে পুৱাৰ ভাগত অভিযান চলাই মধ্য আৰু নিম্ন অসমৰ পাঁচখন জিলাত কমেও ২৫ জন পি এফ আই নেতাক আটক কৰিছে  কামৰূপ জিলাৰ নগৰবেৰা অঞ্চল, গোৱালপাৰা, বৰপেটা, ধুবুৰী, বাক্সা, আৰু দৰং আদিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । ওদালগুৰি আৰু কৰিমগঞ্জতো অভিযান চলাই আহিছে ৷ ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে পিএফআইৰ ১১জন নেতা-কৰ্মীক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

দিল্লী আৰক্ষীৰ বিশেষ কোষটোৱে স্থানীয় পুলিচৰ সহায়ত ৰোহিনী, নিজামুদ্দিন, জামিয়া, শ্বাহীন বাগ, আৰু মধ্য দিল্লীকে ধৰি কেইবাটাও স্থানত অভিযান চলাই আছে। ৰাষ্ট্ৰীয় ৰাজধানীত এতিয়ালৈকে ৩০ জন লোকক আটক কৰা হৈছে, যিটো আজি পৰ্যন্ত যিকোনো ৰাজ্যৰ ভিতৰতে সৰ্বাধিক। থানে ক্ৰাইম ব্ৰাঞ্চে গভীৰ নিশা চলোৱা অভিযানত মুম্ব্ৰাৰ পৰা চাৰিজন পিএফআই কৰ্মীক গ্ৰেপ্তাৰ কৰে। মহাৰাষ্ট্ৰত ঔৰংগাবাদ আৰু সোলাপুৰতো অভিযান চলি থকাৰ খবৰ আহিছে।

কৰ্ণাটকৰ স্থানীয় আৰক্ষীয়ে পুৱাৰ ভাগত অভিযান চলাই ৪০ জন পি এফ আই সদস্যক জিম্মাত লৈছে ৷  বগালকোটে, বিদাৰ, চামাৰাজানগৰ, চিত্ৰদুৰ্গা, ৰামানগড়া, মঙলুৰু, কোপ্পল, বেল্লাৰী, কোলাৰ, বেংগালুৰু, মাইছুৰু, বিজয়াপুৰা আদিকে ধৰি ৰাজ্যজুৰি পি এফ আই নেতাৰ ঘৰত অভিযান চলায়। হিংসাত্মক প্ৰতিবাদৰ আশংকা কৰি কৰ্ণাটকত পিএফআই আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৰাজনৈতিক শাখা ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়া (এছডিপিআই)ৰ ৭৫ জনতকৈ অধিক কৰ্মীকো  জিম্মাত লোৱা হৈছে ৷ সমগ্ৰ মধ্যপ্ৰদেশৰ পৰা এতিয়ালৈকে ২১ জন পি এফ আই কৰ্মীক আটক কৰা হৈছে।

ইউ পি আৰক্ষীৰ বিশেষ টাস্ক ফৰ্ম চমুকৈ এছ টি এফেও কালি এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, লক্ষ্ণৌৰ পৰা অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (ইউএপিএ)ৰ অধীনত বিভুতিখণ্ড বাছ ষ্টেণ্ডৰ পৰা আব্দুল মজীদ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

২২ ছেপ্টেম্বৰত ১৫ খন ৰাজ্যত নিয়াই চলোৱা অভিযানৰ সময়ত পি এফ আইৰ ১০৬ জনতকৈ অধিক সদস্যক গ্ৰেপ্তাৰ কৰিছিল।সেই অভিযানৰ পিছতে কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰাগা জ্ঞানেন্দ্ৰই কৈছিল যে ৰাজ্যখনত পিএফআই নিষিদ্ধ কৰা হ’ব আৰু এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7