জনপ্ৰিয় কণ্ঠশিল্পী তথা ডিফু টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ ডেনিয়েল ইংতিৰ দেহাৱসান ঘটিছে ৷ বৃহস্পতিবাৰে সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ ষ্ট্ৰোকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী গৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ যায়। উল্লেখ্য যে ২ নৱেম্বৰৰ দিনৰ প্ৰায় ১ বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধিয়া ৭ বাজি ৩০ মিনিটত ঘৰলৈ উভতি আহিছিল ডেনিয়েল ইংতি । কিন্তু ঘৰত উপস্থিত হোৱাৰ পাছতে স্কুটি ৰখাই থাকোতে হঠাতে তেওঁ ষ্ট্ৰোকত আক্ৰান্ত হয় ৷ সেই ঠাইতে তেওঁ ঢলি পৰে। লগে লগে তেওঁক ডিফু মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । তেওঁৰ দেহাৱসানে কাৰ্বি লোকসকলক স্তম্ভিত আৰু দুখিত কৰি তুলিছে। কার্বি সমাজত অত্যন্ত জনপ্ৰিয় আছিল ডেনিয়েল ৷
ডিফু টাউন কমিটীৰ নিৰ্বাচনত ডেনিয়েল ইংতিয়ে ৩ নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। আৰু নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এসময়ত কংগ্ৰেছৰ বলিষ্ঠ নেতা ডেনিয়েলে বিজেপিত যোগদান কৰি দলৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি আছিল। তেওঁ এজন জনপ্ৰিয় যুৱ নেতাও আছিল। ‘চেংভে জাদি থা নাং’, ‘ছামি নাংফান নেচেংভে ড’-ই’, আৰু তেওঁৰ ‘বাইডো বাইডো’ গীতটো অত্যন্ত জনপ্ৰিয়।
তেওঁ ছবিও পৰিচালনা কৰিছিল ৷ ডেনিয়েলে গীটাৰ বজাই ভাল পাইছিল। ডেনিয়েল ‘জাম্বিলি’ নামৰ সংগীত দলটোৰ সদস্যও আছিল। তেওঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰি সমাদৃত হৈছিল ৷ তেওঁৰ মৃত্যুত কার্বি সংগীত জগতত গভীৰ শূণ্যতাৰ সৃষ্টি হ’ল ৷