দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ সমৰ্থনত দেশজুৰি গঢ় লোৱা অৰাজনৈতিক ৰাষ্ট্ৰবাদী সংগঠণ “জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাজ্যৰ প্ৰতিখন জিলা কমিটীয়ে আজি ১১ বজাত প্ৰধানমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে । ৰাজ্যিক জেএছএফৰ তৰফৰ পৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷
জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ সমৰ্থনত সমগ্ৰ দেশজুৰি ১ কৌটি ২০ লাখৰো অধিক স্বাক্ষৰ সংগ্ৰহ কৰি যোৱা ২৯ অক্টোৱৰত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ত দাখিল কৰাৰ উদ্দেশ্যেৰে গাজিয়াবাদৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈ এক পদযাত্ৰা কৰা হৈছি ৷ কিন্তু দিল্লি-গাজিপুৰ সীমান্তত প্ৰশাসনে জেএছএফ কৰ্মীসকলক বাধা প্ৰদান কৰে ৷ নিশা ১০-৪৫ বজাৰ পৰা দিল্লিৰ সমীপবৰ্তী গাজিয়াবাদ, লাজপত নগৰত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে তেওঁলোকক আগুৱাই যোৱাৰ অনুমতি প্ৰদানৰ দাবীৰে আমৰণ অনশণ আৰম্ভ কৰে ।
অসম জেএছএফ (JSF) ৰ অধ্যক্ষ পঙ্কজ তালুকদাৰ , মহাসচিব পৰাগ ডেকা,মহিলা শক্তিৰ অধ্যক্ষা জুলা শৰ্মা, সংগঠণ সচিৱ ৰূপৰেখা গোস্বামীকেই ধৰি কেবাগৰাকীও কাৰ্য্যকৰ্তা আজিৰ এই স্মাৰকপত্ৰ প্ৰদান কাৰ্য্যসূচীত উপস্থিত থাকে।